/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/mamata.jpg)
ডিজিটেল ডেস্কঃ কলকতাত বিজেপি অধ্যক্ষ অমিত শ্বাহৰ ৰোড শ্ব'ৰ পূৰ্বে মঙলবাৰে সংঘটিত অপ্ৰীতিকৰ হিংসাত্মক পৰিস্থিতিক লৈ এতিয়া পশ্চিম বংগৰ ৰাজনৈতিক মহল উত্তপ্ত হৈ পৰিছে। তৃণমূল আৰু বিজেপিয়ে ইটোৱে সিটো দলক আক্ৰমণৰ লক্ষ্য কৰি তীক্ষ্ণ বাক্যবাণ এৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ অমিত শ্বাহৰ ৰোড শ্ব'ৰ মাজতে সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতৰ সময়ত ভাৰতীয় দাৰ্শনিক ইশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি ভঙাক লৈ দুয়োটা ৰাজনৈতিক দলৰ মাজতে সৃষ্টি হৈছে তীব্ৰ সংঘাত। আনফালে এনে পৰিস্থিতিত বিজেপিয়ে বিদ্যাসাগৰ কলেজৰ ভিতৰত প্ৰৱেশ কৰি দাৰ্শনিক, পণ্ডিত গৰাকীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে। আনকি এই কাণ্ডৰ প্ৰতিবাদ জনাই তেওঁ তেওঁৰ নিজৰ ফেচবুক আৰু টুইটাৰ একাউন্টৰ প্ৰফাইল ফটো সলনি কৰি বিদ্যাসাগৰৰ ফটো লগোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, কোনো কাণ্ডৰ বিৰোধিতা কৰি এনেদৰে প্ৰফাইল ফটো সলনি কৰা মমতা বেনাৰ্জীৰ বাবে প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁ অসমৰ তিনিচুকীয়াত সংঘটিত হোৱা সংঘাতৰ বিৰোধিতা কৰি ফেচবুক আৰু টুইটাৰৰ প্ৰফাইল ফটো ক'লা কৰিছিল। কেৱল সেয়াই নহয়, সেই সময়ত তেওঁ অইন তৃণমূল কৰ্মীসকলকো নিজৰ নিজৰ প্ৰফাইল ফটো সলনি কৰি ক'লা ফটো আঁৰিবলৈ নিৰ্দেশ দিছিল।
আনফালে, মঙলবাৰে কলকতাত অমিত শ্বাহৰ ৰোড শ্ব'ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে তৃণমূল কংগ্ৰেছ জগৰীয়া বুলি অভিযোগ কৰিছে বিজেপিয়ে। তৃণমূল কংগ্ৰেছে পৰিকল্পিতভাৱে অমিত শ্বাহৰ ৰোড শ্ব'ত বাধা দিয়াৰ প্ৰয়াস কৰি এনে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা বুলি ইতিমধ্যে বিজেপিয়ে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে।