‘ক্ষমা কৰিব মোডীজী, মই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিম’…

‘ক্ষমা কৰিব মোডীজী, মই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিম’…

author-image
asomiyapratidin
New Update
‘ক্ষমা কৰিব মোডীজী, মই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিম’…

ডিজিটেল ডেস্কঃ ৩০ মে'ৰ প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী উপস্থিত থকাৰ কথা আছিল যদিও বুধবাৰে তেও স্পষ্ট কৰি দিয়ে যে তেও এই অনুষ্ঠানত উপস্থিত নাথাকে। টুইটাৰ যোগে ইয়াৰ কাৰণো জনায় নেতাগৰাকীয়ে।

Advertisment

টুইটাৰত মমতা বেনাৰ্জীয়ে কয়-
অভিনন্দন , নতুন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীজী। সাংবিধানিক নিমন্ত্ৰণ স্বীকাৰ কৰি মোৰ শপতগ্ৰহণ অনুষ্ঠানলৈ অহাৰ পৰিকল্পনা আছিল। কিন্তু এঘণ্টা ধৰি মই সংবাদ মাধ্যমৰ খবৰ চাই আছো, য'ত বিজেপিয়ে দাবী কৰিছে যে তেওঁলোকৰ ৫৪জন লোক পশ্চিম বংগত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হৈছে। যিটো সম্পূৰ্ণ মিছা কথা। পশ্চিম বংগত কোনো ৰাজনৈতিক হত্যাকাণ্ড হোৱা নাই। এই মৃত্যুৰ কাৰণ ব্যক্তিগত, পাৰিবাৰিক নাইবা অন্য হ'ব পাৰে। কিন্তু ৰাজনীতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। আমাৰ ওচৰত এনে কোনো তথ্য নাই। মোক ক্ষমা কৰিব মোডীজী, মই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিম।

তেও লগতে কয়- নৰেন্দ্ৰ মোডীয়ে মই অনুষ্ঠানলৈ নোযোৱাৰ বাবে বাধ্য কৰালে।' নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ নিৰ্বাচনৰ সময়ত পশ্চিম বংগত মৃত্যু হোৱা বিজেপি কৰ্মকতা কেইজনৰ পৰিয়ালক নিমন্ত্ৰণ কৰাটো পচন্দ কৰা নাই বেনাৰ্জীয়ে। তেও কয় যে বিজেপিয়ে শপত গ্ৰহণ অনুষ্ঠানৰো ৰাজনীতিকৰণ কৰিব বিচাৰিছে।

ইয়াৰ পূৰ্বে মমতা বেনাৰ্জীয়ে সংবাদমাধ্যমৰ আগত কৈছিল যে মঙলবাৰে তেওলৈ নিমন্ত্ৰণী পত্ৰ আহিছে আৰু তেও অনুষ্ঠানলৈ যাব। কিন্তু বুধবাৰে মমতা বেনাৰ্জীয়ে এই শপতগ্ৰহণ অনুষ্ঠানলৈ নোযোৱাৰ সিদ্ধান্তৰ কথা টুইটাৰযোগে ৰাজহুৱা কৰে।