মমতাৰ কুৰ্তা, মিঠাইক লৈও ৰাজনীতি কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে!

মমতাৰ কুৰ্তা, মিঠাইক লৈও ৰাজনীতি কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে!

author-image
asomiyapratidin
New Update
মমতাৰ কুৰ্তা, মিঠাইক লৈও ৰাজনীতি কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে!

ডিজিটেল ডেস্কঃ বলীউড অভিনেতা অক্ষয় কুমাৰৰ সৈতে প্ৰধানমন্ত্ৰী অৰাজনৈতিক সাক্ষাৎকাৰৰ পিছতে এতিয়া চৰ্চা চলিছে প্ৰধানমন্ত্ৰীৰ এই সাক্ষাৎকাৰক লৈ। নিৰ্বাচনসূচীৰ সামৰণি নহওতেই এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰাজনৈতিক সাক্ষাৎকাৰেৰে নিৰ্বাচনী প্ৰচাৰৰ কূট-কৌশল কৰিছে বুলিও বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। বিশেষতঃ প্ৰধানমন্ত্ৰীৰ এনে সাক্ষাৎকাৰে ৰাজনৈতিক বাতাবৰণৰ মাজতেই মোডীৰ প্ৰচাৰৰ ভূমিকা লোৱা বুলি অনুমান কৰিব পাৰি।

ইফালে সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোডীয়ে 'মমতা দিদিয়ে এতিয়াও মোলৈ কুৰ্তা আৰু মিঠাই প্ৰেৰণ কৰে' বুলি কৰা মন্তব্যক লৈ সৰৱ হৈ পৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী। মোডীয়ে ইয়াৰ জৰিয়তে ৰাজনৈতিক লাভৰ অংক কৰিছে বুলি অভিযোগ কৰি মমতাই কয়, 'মইতো মিঠাই, কুৰ্তা বহুতলৈ প্ৰেৰণ কৰো। কিন্তু ৰাজনৈতিক পৰিৱেশৰ মাজত মোডীয়ে তাৰ উল্লেখ কৰাৰ কাৰণ কি? এয়া এক ৰাজনৈতিক প্ৰচাৰহে।'

পশ্চিমবংগত এন আৰ চিৰ কাম কেতিয়াও কৰিবলৈ দিয়া নহ'ব বুলি ঘোষণা কৰি মমতাই বৃহস্পতিবাৰে এক জনসভাত কয়, 'বাংলাত এনআৰচি হ'ব দিয়া নহ'ব। এয়া আমাৰ যুদ্ধ। কেনেকৈ এনআৰচিক কাম কৰে সেয়া আমি চাই ল'ম।' আনফালে বিজেপিয়ে টকা, মোবাইল আদিৰে ভোট ক্ৰয়ৰ অপচেষ্টা চলোৱা বুলিও দাবী কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

তেওঁ কয়, 'আমি সকলো লক্ষ্য কৰি আছো। বসন্তৰ কুলিৰ দৰে মোডীয়ে নিৰ্বাচনৰ সময়ত পশ্চিম বংগলৈ আহি ভোট বিচাৰে। ৰাজ্যখনৰ উন্নয়নৰ নামত একো এটা নকৰা তেওঁলোকৰে বৰ বৰ কথা।'