মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এমএনএছৰ অধ্যক্ষ ৰাজ থাকৰেৰ সৈতে কিহৰ আলোচনা কংগ্ৰেছ-এনচিপিৰ…

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এমএনএছৰ অধ্যক্ষ ৰাজ থাকৰেৰ সৈতে কিহৰ আলোচনা কংগ্ৰেছ-এনচিপিৰ…

author-image
asomiyapratidin
New Update
মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এমএনএছৰ অধ্যক্ষ ৰাজ থাকৰেৰ সৈতে কিহৰ আলোচনা কংগ্ৰেছ-এনচিপিৰ…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত মোডী চুনামীত বিধ্বস্ত হৈ পৰা কংগ্ৰেছৰ বাবে এতিয়া অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন তীব্ৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত লাভ কৰা বিফলতাৰ পিছত বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে যে অকলে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিব নোৱাৰে বুলি ইতিমধ্যে দলৰ নেতৃত্বই অনুমান কৰিছে। আনহাতে শৰদ পাৱাৰৰ এনচিপি দলৰো লোকসভা নিৰ্বাচনত শোচনীয় প্ৰদৰ্শনৰ পিছত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন দলটোৰ বাবে এক সন্মানৰ বিষয় হৈ পৰিছে।

Advertisment

এনে পৰিস্থিতি কংগ্ৰেছ আৰু এনচিপি দুয়োটা দলৰেই শেষ ভৰষা হৈ পৰিছে ৰাজ থাকৰে। খবৰ অনুসৰি, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত দুয়োটা দলে এমএনএছৰ সৈতে মিত্ৰতা কৰি বিজেপি-শিৱসেনা মিত্ৰজোঁটৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে। এই সম্পৰ্কত ইতিমধ্যে এমএনএছৰ অধ্যক্ষ ৰাজ থাকৰেক সাক্ষাৎ কৰিছে শৰদ পাৱাৰে। আনফালে মহাৰাষ্ট্ৰৰ প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ মণিকৰাৱ থাকৰেয়েও এমএনএছ অধ্যক্ষগৰাকীক সাক্ষাৎ কৰি মিত্ৰতা সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনত ৰাজ থাকৰেৰ এমএনএছে এজনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলেও গোপনে কংগ্ৰেছ আৰু এনচিপিক সমৰ্থন জনাইছিল। মহাৰাষ্ট্ৰৰ শক্তিশালী ৰাজনৈতিক দল হিচাপে পৰিচিত এমএনএছৰ সমৰ্থনে লোকসভা নিৰ্বাচনত কংগ্ৰেছ-এনচিপিক জয়ৰ মুখ দেখাব নোৱাৰিলেও বিধানসভা নিৰ্বাচনত তিনি দল একত্ৰিত হ'লে লক্ষ্যত সফল হ'ব পাৰিব বুলি আশা ব্যক্ত কৰিছে বিভিন্নজনে।