পুৱাই ভোট দিবলৈ ওলাই আহিল এগৰাকী সন্তান সম্ভৱা মহিলা…

পুৱাই ভোট দিবলৈ ওলাই আহিল এগৰাকী সন্তান সম্ভৱা মহিলা…

author-image
asomiyapratidin
New Update
পুৱাই ভোট দিবলৈ ওলাই আহিল এগৰাকী সন্তান সম্ভৱা মহিলা…

ডিজিটেল ডেস্কঃ দেশৰ সপ্তদশ নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱাৰে পৰা দেশৰ ভিন্ন প্ৰান্তত পৰলক্ষিত হৈছে ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী। স্বতৰ্ফূতভাৱে ওলাই আহিছে ৰাইজৰ উৎসাহক ই ভি এমৰ বিকলে কিছু ম্লান পেলাইছে যদিও বৰ্তমানৰ লৈকে সকলো ভোটকেন্দ্ৰত শান্তিপূৰ্ণ ভাৱে ভোটদান সম্পন্ন হৈ আছে।

মহাৰাষ্ট্ৰত পুৱাই ভোট দিবলৈ ওলাই আহিল এগৰাকী সন্তান সম্ভৱা মহিলা। মহাৰাষ্ট্ৰৰ চলাপুৰৰ ১৬৪ নং নেহেৰু নগৰ ভোটকেন্দ্ৰ মহিলা গৰাকীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ। ভোটদান কৰি স্বামীৰ সৈতে একপি ছেলফীও ল'লে মহিলা গৰাকীয়ে। মহিলা গৰাকীৰ এই উৎসাহে সমগ্ৰ দেশবাসীক আকৰ্ষণ কৰিছে।