৫০ হাজাৰ টকাক তিনিমাহতে ৮০ কোটি কৰিব নেকি? আছে এজন যাদুকৰ, VIDEO

৫০ হাজাৰ টকাক তিনিমাহতে ৮০ কোটি কৰিব নেকি? আছে এজন যাদুকৰ, VIDEO

author-image
asomiyapratidin
New Update
গৰৈমাৰীত পথচাৰীৰ পৰা ধন লুট অচিনাক্ত যুৱকৰ

আপোনাৰ হাতত ৫০ হাজাৰ টকা আছে। তিনিমাহত এই টকা কিমান হ'ব পাৰে? আপুনি যদি এই টকা খুব ভাল ব্যৱসায়তো লগায় ৩-৪ লাখ টকা আপোনাৰ উপাৰ্জন হ'ব পাৰে। ধৰি ললো, আপোনাৰ ভাগ্য সুপ্ৰসন্ন আছিল, ৫০ হাজাৰ টকাক আপুনি ১০ লাখ টকালৈ বৃদ্ধি কৰিব পাৰিব।

ভাৰতত এজন যাদুকৰ ওলাইছে। সেই যাদুকৰে ৫০ হাজাৰ টকাক ৩ মাহত ৮০ কোটি কৰি দিব পাৰে। নাম তেওঁৰ জয় শ্বাহ। এই খবৰ কিন্তু দিছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছ অধ্যক্ষ গৰাকীয়ে মধ্যপ্ৰদেশৰ জবলপুৰত সম্বোধন কৰিছিল এখন সভা। তাতেই তেওঁ এই যাদুকৰৰ সন্ধান দিলে। লগতে ক'লে- 'এইজন আন কোনো নহয়, অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ। যি এজন যাদুকৰ। ৫০ হাজাৰ টকা ৩ মাহতে কৰি দিলে ৮০ কোটি।'


— ANI (@ANI) April 23, 2019