দেশজুৰি প্ৰবল উৎকন্ঠা! কিছু সময় পাছতেই হ’ব নিৰ্বাচনৰ ভোটগণনা…

দেশজুৰি প্ৰবল উৎকন্ঠা! কিছু সময় পাছতেই হ’ব নিৰ্বাচনৰ ভোটগণনা…

author-image
asomiyapratidin
New Update
দেশজুৰি প্ৰবল উৎকন্ঠা! কিছু সময় পাছতেই হ’ব নিৰ্বাচনৰ ভোটগণনা…

ডিজিটেল ডেস্কঃ কিছু সময় পাছতেই ঘোষণা হ'ব লোকসভা নিৰ্বাচন ২০১৯ৰ ফলাফল। দেশজুৰি বিৰাজ কৰিছে প্ৰবল উৎকন্ঠা। লোকসভা নিৰ্বাচনৰ লগতে প্ৰকাশ পাব চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰৈ ফলাফল। ৫৪৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা ৮০৪০জন প্ৰাৰ্থীৰ ভাগ্য নিৰূপন হ'ব এই ভোটগণনাত।

প্ৰায় ৯০ কোটি জনতাই নিৰ্বাচন কৰিব তেওঁলোকৰ প্ৰতিনিধি। প্ৰথমে অনুষ্ঠিত হ'ব হোষ্টেল বেলেটৰ ভোটগণনা। ২০৬০০ ভোটকেন্দ্ৰৰ ভিভিপেট গণনা হ'ব। সাজু কৰা হৈছে সকলো ভোটগ্ৰহণ কেন্দ্ৰ। ভোটগ্ৰহণ কেন্দ্ৰত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।