‘লোকসভা নিৰ্বাচনত বিজেপিয়ে খৰচ কৰিছিল ২৭ হাজাৰ কোটি টকা’…

‘লোকসভা নিৰ্বাচনত বিজেপিয়ে খৰচ কৰিছিল ২৭ হাজাৰ কোটি টকা’…

author-image
asomiyapratidin
New Update
গেৰুৱা দলৰ প্ৰতি মোহভংগ বিজেপি নেতাৰ

প্ৰতিকী ফটো

ডিজিটেল ডেস্ক: সদ্য সমাপ্ত লোকসভা নিৰ্বাচনক লৈ বাক বিতণ্ডা যেন এতিয়াও মাৰ যোৱা নাই। নিৰ্বাচনত চৰম বিপৰ্যয় হলেও কংগ্ৰেছে শুকুৰবাৰে বিজেপিক কটাক্ষ কৰি ক'লে যে লোকসভাত দলটোৱে খৰচ কৰা ধনৰ পৰিমাণ ৰাজহুৱা কৰক। লগতে নিৰ্বাচনৰ হিচাপক লৈ বিজেপিয়ে এখন শ্বেতপত্ৰ প্ৰকাচ কৰাৰো আহ্বান জনালে কংগ্ৰেছে।

Advertisment

'চেন্টাৰ ফৰ মিডিয়া ষ্ট্ৰাডিজ' কৰা এক সমীক্ষাৰ দোহাই দি কংগ্ৰেছ নেতা অভিষেক সিংভিয়ে বিজেপিক জনালে এই আহ্বান।

উল্লেখ্য যে, 'চেন্টাৰ মিডিয়া ষ্ট্ৰাডিজ'ৰ সমীক্ষাত কোৱা হৈছে যে, সপ্তদশ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা সকলো দলে মুঠ খৰচ কৰা ধনৰ পৰিমাণ হ'ল প্ৰায় ৬০,০০০ কোটি টকা। এই ধনৰ ৪৫ শতাংশ অথাৎ ২৭,০০০ কোটি টকা বিজেপিয়ে খৰচ কৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে।