/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/loksabha-election-psd-copy.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ লগতে বৃহস্পতিবাৰে ঘোষণা হ'ব চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। লোকসভা নিৰ্বাচনৰ সৈতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা চাৰিখন ৰাজ্য ক্ৰমে- ওড়িশ্যা, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল আৰু ছিকিম।
১৪৭খন আসন বিশিষ্ট ওড়িশ্যাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হ'ব ৭৪খন আসনৰ। ৰাজ্যখনত মূলত কংগ্ৰেছ, বিজেপি আৰু বিজু জনতা দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। ইফালে, অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ ১৭৫খন আসনৰ ভিতৰত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হ'ব ৮৬খন আসনৰ। ৰাজ্যখনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ, বিজেপি ৱাই এছ আৰ চি, টিডিপিৰ প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব যদিও, টিডিপি আৰু ৱাই এছ আৰ চিয়ে মুলতঃ মূল প্ৰতিদ্বন্দ্বিতা কৰিব চৰকাৰ গঠনৰ বাবে।
অৰুণাচলত ৬০খন বিধানসভা আসনৰ ভিতৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ ৩১। কংগ্ৰেছ আৰু বিজেপিৰ মাজতে সীমাৱদ্ধ থাকিব এই যুঁজ। ছিকিমত মুঠ আসনৰ সংখ্যা ৩২। ছিকিম বিধানসভা নিৰ্বাচনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হ'ব ১৭খন আসন। ৰাজ্যখনত প্ৰতিদ্বন্দ্বিতা কৰা মুল দল ক্ৰমে- কংগ্ৰেছ, বিজেপি আৰু এছ ডি এফ।