বিদায় কংগ্ৰেছ… ৰাহুললৈ প্ৰিয়ংকাৰ আবেগভৰা চিঠি!

বিদায় কংগ্ৰেছ… ৰাহুললৈ প্ৰিয়ংকাৰ আবেগভৰা চিঠি!

author-image
asomiyapratidin
New Update
বিদায় কংগ্ৰেছ… ৰাহুললৈ প্ৰিয়ংকাৰ আবেগভৰা চিঠি!

কংগ্ৰেছ এৰিলে প্ৰিয়ংকাই! কংগ্ৰেছ ত্যাগ কৰাৰ কথা জনাই ৰাহুল গান্ধীলৈ লিখিলে তেওঁ এখন আবেগভৰা চিঠি। ১৮ এপ্ৰিলত এই চিঠি প্ৰেৰণ কৰিছিল কংগ্ৰেছ সভাপতিগৰাকীলৈ। প্ৰিয়ংকাই লিখিছিল-

প্ৰতি,

ৰাহুল গান্ধী

সন্মান গ্ৰহণ কৰিব। মই বৰ গধুৰ হৃদয়েৰে এই পত্ৰ লিখি আপোনাক জনাইছো যে মই কংগ্ৰেছ এৰিছো। ১০ বছৰ আগতে মই যুৱ কংগ্ৰেছত সদস্য হিচাপে যোগ দিছিলো। মই ভাবিছিলো দলটো দৰ্শন, লক্ষ্য আৰু উদাৰতা তথা প্ৰগতিশীল চিন্তা চৰ্চাৰে আগবঢ়া। 

যোৱা ১০ বছৰত মোক দলে বহু সুযোগ, সুবিধা দিলে। জনসাধাৰণৰ মাজত মোক এক পৰিচয় দিয়াৰ লগতে ৰাজনীতিৰ ক্ষেত্ৰখনত বহু কথা শিকিবলৈ আৰু জানিবলৈ সুযোগ প্ৰদান কৰিলে। মই সেই দলৰ দায়িত্বক এশ শতাংশই আগুৱাই নিবলৈ মোৰ সাধ্য অনুসৰি যোৱা সময়ছোৱাত চেষ্টা কৰিছিলো। দলটোৰ হৈ কাম কৰোতে মই বহু প্ৰত্যাহ্বান, ভাবুকি, গালিৰ সন্মুখীন হৈছিলো। ইয়াৰ সমভাগী হৈছিল মোৰ পৰিয়াল, আনকি মোৰ ল'ৰা-ছোৱালী কেইটাও।

মই আপোনাক নোসোধো মই কি পালো। যোৱা কিছু সপ্তাহত মোৰ এই ত্যাগ আৰু কৰ্মৰ কোনো মূল্যই দিব নিবিচাৰিলে নেতৃত্বই। সেহেয়ে মই এই যাত্ৰাৰ সামৰণি পেলোৱাৰ সিদ্ধান্ত ল'লো। মোৰ নিষ্ঠা আৰু সন্মানৰ বিপৰীতে দলটোত মহিলাৰ প্ৰতি কৰা আচৰণে মোক অতীষ্ঠ কৰিলে। মোৰ বিৰুদ্ধে দলৰে বহু সদস্যই মই দলৰ কৰ্তব্যত থাকোতেই দুৰ্বব্যৱহাৰ কৰাৰ দৰে ঘটনাও ঘটিল। 

প্ৰিয়ংকাই লিখা চিঠিখনৰ কিছু অংশ এয়া-