/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/lalu-2288.jpg)
ডিজিটেল ডেস্কঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱে ৰাহুল গান্ধীক কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ নকৰিবলৈ আহ্বান জনায়। 'দ্য টেলিগ্ৰাফ'ত প্ৰকাশিত লালু প্ৰসাদ যাদৱৰ এক লোকসভা নিৰ্বাচনৰ বিশ্লেষণাত্মক লেখাত আৰজেডিৰ অধ্যক্ষ গৰাকীয়ে ৰাহুল গান্ধীৰ পদত্যাগৰ সিদ্ধান্ত কংগ্ৰেছৰ বাবে আত্মঘাতী সিদ্ধান্ত হিচাপে পৰিগণিত হ'ব বুলি দাবী কৰে।
ৰাহুল গান্ধীৰ পদত্যাগ কেন্দ্ৰত পুনৰ এবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপিৰ বাবে লাভজনক হ'ব লেখাত উল্লেখ কৰি লালুৱে লিখিছে – 'যদি ৰাহুল গান্ধীয়ে পদত্যাগ কৰে আৰু অইন এজনক কংগ্ৰেছৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰাই, তেন্তে বিজেপিক নতুন অধ্যক্ষ জনক গান্ধী পৰিয়ালৰ হাতৰ পুতলা বুলি কৈ ৰাজনৈতিক প্ৰচাৰ চলাব। ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ আঙুলিৰ ঠাঁৰত নতুন অধ্যক্ষ গৰাকীয়ে কাম কৰা বুলি বিজেপিয়ে পৰৱৰ্তী লোকসভা নিৰ্বাচনলৈকে প্ৰচাৰ চলাব। যাৰ ফলত কংগ্ৰেছ আৰু অধিক বিধ্বস্ত হোৱাটো নিশ্চিত হৈ পৰিব।'
ৰাজনৈতিক বিশ্লেষণাত্মক লেখাটোত লালু প্ৰসাদ যাদৱে লিখিছে- 'সকলো বিৰোধী দলেই সংঘ পৰিয়ালৰ বিৰুদ্ধে যুঁজ দিছিল। কিন্তু লোকসভা নিৰ্বাচনত আৰএছএছৰ অধীনত চলা বিজেপিক হৰুৱাবলৈ বিৰোধীৰ মিত্ৰতা শক্তিশালী হৈ নুঠিল। তদুপৰি বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলোৱোতো ব্যৰ্থ হোৱা বাবেই কেন্দ্ৰত পুনৰ এবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল।'
ইফালে ৰাহুল গান্ধী কংগ্ৰেছ অধ্যক্ষ পদ ত্যাগ কৰাৰ বাবে আঁকোৰগোজ হৈ আছে। যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে পুৱা শচীন পাইলট, প্ৰিয়ংকা গান্ধী, অশোক গেহলট, ৰণদ্বীপ সুৰজেৱালাকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাই ৰাহুল গান্ধীৰ বাসভৱনত উপস্থিত হয়। সন্ধিয়া ৪.৩০ বজাত ৰাহুল গান্ধীৰ পদত্যাগ সন্দৰ্ভত পুনৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে।