/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
ডিজিটেল ডেস্কঃ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ এসপ্তাহৰ পিচত বৃহস্পতিবাৰে ১২ খন ৰাজ্যৰ ৯৬ টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। এই ভোটগ্ৰহণত ৯৬ টা সমষ্টিৰ ই ভি এমত বন্দী হ'ব ১৬৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে ৪২৩ গৰাকী হৈছে কোটিপতি।
এই কোটিপতি প্ৰাৰ্থীৰ তালিকাত শীৰ্ষত আছে কংগ্ৰেছ দল। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ ৫৩ জন প্ৰাৰ্থীৰ ভিতৰত ৪৬ জনেই কোটিপতি। আনহাতে বিজেপি দলৰ ৫১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪৫ গৰাকীয়েই কোটিপতি। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ গড় সম্পত্তিৰ পৰিমাণ ৩১.৮৩ কোটি টকা আৰু বিজেপি প্ৰাৰ্থীৰ গড় সম্পত্তিৰ পৰিমাণ হৈছে ২১.৫৯ কোটি টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us