ছ’চিয়েল মিডিয়াত চলিছে চৰ্চাঃ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই ভৰি পিচল খালে বিজেপিৰ… VIDEO

ছ’চিয়েল মিডিয়াত চলিছে চৰ্চাঃ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই ভৰি পিচল খালে বিজেপিৰ… VIDEO

author-image
asomiyapratidin
New Update
ছ’চিয়েল মিডিয়াত চলিছে চৰ্চাঃ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই ভৰি পিচল খালে বিজেপিৰ… VIDEO

ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী তথা বিজেপিৰ চণ্ডীগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী কিৰণ খেৰে দেওবাৰে অনুষ্ঠিত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈ উজুতি খাই পৰাৰ এক ভিডিঅ' ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।

ভিডিঅ'টোত প্ৰত্যক্ষ কৰা অনুসৰি, অভিনেত্ৰী তথা বিজেপি প্ৰাৰ্থীগৰাকীয়ে অভিনেতা স্বামী অনুপম খেৰৰ সৈতে খোজ কাঢ়ি ভোটকেন্দ্ৰ অভিমুখে গৈ আছিল। তেওঁৰ চাৰিওফালে সংবাদ মাধ্যমৰ লোকৰ লগতে অসংখ্য গুণমুগ্ধ আৰু বিজেপি নেতা-কৰ্মীও উপস্থিত আছিল। ঠিক সেই সময়তে কিৰণ খেৰে হঠাৎ হামখুৰি খাই মাটিত বাগৰি পৰে। তৎমুহূৰ্ততে উপস্থিত অন্যান্য লোকসকলে তেওঁক মাটিৰ পৰা উঠায় আৰু কিৰণ খেৰে পৰিস্থিতিৰ সৈতে নিজকে চম্ভালি লয়। মাটিৰ পৰা উঠি তেওঁ সংবাদ মাধ্যমৰ ফালে চাই 'প্লিজ এয়া ৰেকৰ্ড' নকৰিব বুলিও অনুৰোধ কৰে।


— Rahul Dhiman (@enggdhiman) May 19, 2019

ইফালে কিৰণ খেৰৰ এই ভিডিঅ'টো ৰাহুল ধীমান নামৰ এজনে টুইটাৰ যোগে পোষ্ট কৰি 'নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই বিজেপি চৰকাৰে পিচল খালে' বুলি কেপশ্যন দিছে। ভিডিঅ' কিছু সময়ৰ ভিতৰতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অভিনেত্ৰী তথা বিজেপি প্ৰাৰ্থীগৰাকী এনেদৰে বাগৰি পৰাক লৈ বিভিন্নজনে ইতিকিং কৰা পৰলিক্ষিত হৈছে।

উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ নেত্ৰী অভিনেত্ৰী কিৰণ খেৰে ২০১৪ চনতো চণ্ডীগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰ সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী পৱন বঞ্চলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে কিৰণ খেৰে।