/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/85857c35-e21b-4eb0-9591-426270923b71.jpg)
ডিজিটেল ডেস্কঃ নিৰ্বাচনী ৰেলীত অভদ্ৰ আচৰণ কৰি অৱশেষত কংগ্ৰেছ নেত্ৰী তথা অভিনেত্ৰী খুশবু সুন্দৰৰ পৰা কাণতলীয়া চৰ খাব লগা হ'ল এজন লোকে। এই ঘটনাৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে, বৃহস্পতিবাৰে কৰ্ণাটকৰ বাংগালুৰু কেন্দ্ৰীয় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছ প্ৰাৰ্থী ৰাজৱান অৰশ্বদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল অভিনেত্ৰী তথা কংগ্ৰেছ নেত্ৰী খুশবু সুন্দৰে। তাত তেওঁ এখন নিৰ্বাচনী ৰেলীত অংশ লয়। নেত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতে কংগ্ৰেছ সমৰ্থক সকলে তেওঁক উষ্ম আদৰণি জনাই তেওঁলৈ পুস্পবৃষ্টি কৰে। অসংখ্য সমৰ্থকৰ ভিৰৰ মাজেৰে আগবাঢ়ি যোৱা খুশবুৱে হঠাৎ ঘূৰি তেওঁৰ ওচৰতে ৰৈ থকা এজন লোকক কাণতলীয়া চৰ শোধায়। ভাইৰেল ভিডিঅ'টোত সেয়া দেখা গৈছে।
தமிழ்நாட்டின் துணிச்சல் மிக்க மருமகளுக்கு வாழ்த்துக்கள். உங்களின் இந்த துணிச்சல்மிக்க செயல் பலருக்கு வழிகாட்டியாக அமையும்…..@khushsundarpic.twitter.com/KncXp68tfu
— கோசல் ராம் / Kosal Ram 🇮🇳 (@KosalramT) April 11, 2019
অৱশ্যে এই ভিডিঅ' ক্লিপ সন্দৰ্ভত খুশবু সুন্দৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও একাংশ সমৰ্থকে দাবী কৰা মতে, লোকজনে দুৰ্ব্যহাৰ কৰাৰ বাবেই তেওঁক কাণতলীয়া চৰ শোধাইছিল কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। উল্লেখ্য যে, এগৰাকী সাহসী মহিলা হিচাপে পৰিচিত খুশবু সুন্দৰে অভিনয় কৰা কেইবাখনো ছবিয়ে বেচ জনপ্ৰিয়তা লাভ কৰিছিল। ২০১৪ চনত কংগ্ৰেছত যোগদান কৰা খুশবু সুন্দৰ #মি-টু অভিযানত পত্ৰকাৰ প্ৰিয় ৰমণীক সমৰ্থন জনাইছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us