পৰাজয়ৰ দিশে শত্ৰুঘ্ন সিনহা, ক’লে- বেইমানীৰে শাসক দলে ফলাফল কৰিছে নিজৰ পক্ষত

পৰাজয়ৰ দিশে শত্ৰুঘ্ন সিনহা, ক’লে- বেইমানীৰে শাসক দলে ফলাফল কৰিছে নিজৰ পক্ষত

author-image
asomiyapratidin
New Update
পৰাজয়ৰ দিশে শত্ৰুঘ্ন সিনহা, ক’লে- বেইমানীৰে শাসক দলে ফলাফল কৰিছে নিজৰ পক্ষত

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন, ২০১৯ৰ ফলাফল ঘোষণাক লৈ অসন্তুষ্ট কংগ্ৰেছ নেতা শত্ৰুঘ্ন সিনহাই বৃহস্পতিবাৰে এই ফলাফল জনতাই প্ৰদান কৰা ফলাফল নহয় বুলি মন্তব্য কৰে। বেইমানীৰে শাসকীয় দলে এই নিৰ্বাচনৰ ফলাফল নিজৰ পক্ষলৈ নিয়া বুলি অভিযোগ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয়, 'বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু অন্ধ্ৰ প্ৰদেশত বেইমানীৰ আশ্ৰয় লৈ ফলাফল সলনি কৰা হৈছে। কিন্তু এতিয়া সেইবোৰ কথা কোৱাৰ সময় নহয়।'

Advertisment

আনফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক অভিনন্দন জনায় শত্ৰুঘ্ন সিনাই। তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহক 'শক্তিশালী যুঁজাৰু' আখ্যা দিয়াৰ লগতে বিজেপি চৰকাৰে জনতাৰ হকে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। লগতে সিনহাই পাটনা চাহিব সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰবিশংকৰ প্ৰসাদক অভিনন্দন জনাই কয়, 'ৰবিশংকৰ মোৰ বন্ধু। তেওঁৰ সফলতাই মোক সুখী কৰিছে।'

বিহাৰৰ পাটনা চাহিব সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা শত্ৰুঘ্ন সিনহাই ২০১৯ৰ নিৰ্বাচনৰ ফলাফলত লাভ কৰিছে ৩১৭২৯২ টা ভোট। তাৰ বিপৰীতে ৰবি শংকৰ প্ৰসাদে লাভ কৰিছে ৫৯৫৪৯০টা ভোট।

উল্লেখ্য যে, বিহাৰত এইবাৰ বিজেপি, জেডিইউ আৰু এলজেপিয়ে একেলগে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ৰাজ্যখনত বিজেপিয়ে ১৬ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে জেডিইউৱে ১৫ আৰু এলজেপিয়ে ৬ খন আসনত আগবাঢ়ি আছে।