/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/Kanhaiya_Kumar-e1536033733551-1280x720.jpg)
ডিজিটেল ডেস্কঃ বিহাৰৰ বেগুচৰায় সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হাতত পৰাস্ত হয় চি পি আইৰ প্ৰাৰ্থী কনহাইয়া কুমাৰ। ৪২২২১৭ টা ভোটৰ ব্যৱধানত পৰাস্ত হয় কনহাইয়া কুমাৰ। বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিঙে ৬৯২১৯৩ টা ভোট লাভ কৰাৰ বিপৰীতে কনহাইয়া কুমাৰে লাভ কৰে ২৬৯৯৭৬ টা ভোট।
পৰাজয়ৰ পাছতে কনহাইয়াই টুইটাৰযোগে সমূহ দেশবাসীক জনালে অভিনন্দন। টুইটাৰত তেও কয়- বিশ্বৰ বৃহৎ গণতন্ত্ৰৰ এই জনাদেশৰ বাবে সমূহ দেশবাসীক ধন্যবাদ। নিৰ্বাচিত হোৱা সকলো সাংসদক শুভকামনা লগতে মোৰ নিৰ্বাচনৰ সময়ত সহায়-সহযোগ কৰা সকলো লোককে অশেষ ধন্যবাদ। জনসাধাৰণৰ অধিকাৰৰ বাবে আমাৰ সংগ্ৰাম অটুট থাকিব'।