/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/Dw9mDCJU0AAJwOI.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিহাৰত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ছাত্ৰ নেতা তথা বেগুচৰাইৰ চিপিআই প্ৰাৰ্থী কানহাইয়া কুমাৰে। বৃহস্পতিবাৰে তেওঁ এখন ৰোড শ্ব'ত অংশ লয়, য'ত তেওঁৰ লগত উপস্থিত থাকে ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰবীশ কুমাৰ। ৰোড শ্ব'ৰ মাজতে ৰবীশ কুমাৰে কানহাইয়া কুমাৰক ৰাজনৈতিক, সামাজিক আৰু ব্যক্তিগত জীৱন সন্দৰ্ভত কেইবাটাও প্ৰশ্ন কৰে।
'মই সংসদত উপস্থিত হোৱালৈকে নৰেন্দ্ৰ মোডী নাথাকিব'
ৰবীশ কুমাৰৰ এক প্ৰশ্নৰ উত্তৰ দি কানহাইয়া কুমাৰে কয়, 'মই ভাবো, যেতিয়া মই সাংসদ হিচাপে নিৰ্বাচিত হৈ সংসদ ভৱনলৈ যাম, তেতিয়া দেশত মোডী নামৰ এক সত্বা কেৱল বিৰোধীৰ পক্ষত হে দেখা পোৱা যাব। আজি বেগুচৰাই বাসীয়ে কৈছে- দেশত যিয়েই নহওক তেওঁলোকে মোকেই ভোট দিব। ইয়ে মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে।'
ইফালে যদি পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডী নিৰ্বাচিত হয় আৰু কানহাইয়া কুমাৰেও সাংসদ হিচাপে জয়লাভ হয়, তেন্তে দুয়োৰে মাজত কেনে পৰিস্থিতি সৃষ্টি হ'ব বুলি সোধা এক প্রশ্নৰ উত্তৰ দি ছাত্ৰ নেতাগৰাকীয়ে কয়, 'মোৰ এটা ইচ্ছা আছে, মোডীৰ ধূতিত টানি প্রশ্ন কৰিবলৈ। মই যেতিয়া জেইলৰ পৰা ওলাই আহিছিলো, তেতিয়াও মোৰ মন গৈছিল মোডীৰ ধূতিত টানি সুধিবলৈ- মোডী জী, হিটলাৰৰ বিষয়েও কিছু কথা কওক…।'
'সাংসদ হিচাপে নহয়, সাধাৰণ নাগৰিক হিচাপেও মই মোডীৰ সৈতে যুঁজিবলৈ সাজু'
ৰবীশ কুমাৰৰ প্ৰশ্নৰ উত্তৰ দি ছাত্ৰ নেতাগৰাকীয়ে কয়, 'মই কেৱল সাংসদ হিচাপেই নহয়, এতিয়াও এজন সাধাৰণ নাগৰিক হিচাপে দেশৰ যুৱ প্ৰজন্মৰ হৈ প্ৰশ্ন কৰিব বিচাৰো নৰেন্দ্ৰ মোডীক, তেওঁ যোৱা ৫ বছৰত কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰক।' মোডীক কেৱল কথাৰ ৰজা আখ্যা দি কানহাইয়া কুমাৰে তেওঁক সন্মুখ সমৰত উপনীত হ'বলৈ প্ৰত্যাহ্বান জনায়। তেওঁ কয়, 'যদি মোডী সঁচা প্ৰধানমন্ত্ৰী, তেন্তে এবাৰ সন্মুখত আহি দেখুৱাওক, চকুত চকু থৈ মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক। আজিলৈকে মোডীয়ে তেওঁক প্ৰত্যাহ্বান জনোৱা নেতা পোৱা নাই বাবেই নিজকে 'বৰ' নেতা বুলি ভাবি আছে। কিন্তু সন্মুখত যোগ্য নেতা থাকিলে হিটলাৰৰ দৰে নেতাইও নিজকে গুলিয়াই আত্মহত্যা কৰে।'
কাৰ সৈতে আচল যুঁজ কানহাইয়াৰ…
কানহাইয়া কুমাৰে কয়, 'বহু লোকে মোক দেশদ্ৰোহী বুলি আখ্যা দিব খোজে। গিৰিৰাজ সিঙে মোক মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি কয়। কিন্তু কোৱাৰ সময়ত মানুহে যি ইচ্ছা তাকেই ক'ব পাৰে। মোৰ যুদ্ধ কেৱল দুজন ব্যক্তিৰ বিৰুদ্ধে নহয়, মোৰ যুদ্ধ এটা চিন্তাৰ বিৰুদ্ধে। সেই চিন্তাৰ এক মাথো আকৃতি হিচাপে গিৰিৰাজ সিং মোৰ সন্মুখ প্ৰতিদ্বন্দ্বী।'
কেতিয়া হ'ব কানহাইয়াৰ বিয়া…
'আপুনি কেতিয়া বিয়াৰ কথা চিন্তা কৰিব?' -সাংবাদিক ৰবীশ কুমাৰে এইদৰে সোধা প্ৰশ্নৰ উত্তৰ দি কানহাইয়াই কয়, 'মোৰ চিন্তাৰ পৰা মই মুক্ত হ'ব পৰা নাই। তেনে পৰিস্থিতিত বিয়াৰ কথা আহি নপৰে। তাৰ বাবে সময়ৰ প্ৰয়োজন হ'ব।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us