‘আজি হিন্দু নহয়, সংকটত পৰিছে বিজ্ঞান, দৰ্শন আৰু সংবিধান’

‘আজি হিন্দু নহয়, সংকটত পৰিছে বিজ্ঞান, দৰ্শন আৰু সংবিধান’

author-image
asomiyapratidin
New Update
‘আজি হিন্দু নহয়, সংকটত পৰিছে বিজ্ঞান, দৰ্শন আৰু সংবিধান’

ডিজিটেল ডেস্কঃ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (চিপিআই)ৰ বিহাৰৰ বেগুচৰাই লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰে বংগৰ হিংসাত্মক পৰিস্থিতিত ইশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি ভহা সন্দৰ্ভত ফেচবুকত এক সুদীৰ্ঘ পোষ্টত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পোষ্টত কানহাইয়া কুমাৰে পৰোক্ষভাৱে নৰেন্দ্ৰ মোডী তথা বিজেপিৰ আক্ৰমণ কৰি লিখিছে- 'আজি কোটি কোটি টকা ব্যয় কৰি এটা মিছা কথা প্ৰচাৰ কৰা হৈছে যে আজি হিন্দু সংকটত পৰিছে। কিন্তু প্ৰকৃততে আজি হিন্দু নহয়, বিজ্ঞান, দৰ্শন আৰু সংবিধান হে সংকটত।'

কানহাইয়াই পুনৰ লিখিছে- 'যিসকলে বিদ্যাসাগৰৰ মূৰ্তি ভাঙিছে, তেওঁলোকে আচলতে সমগ্ৰ দেশত শিক্ষাৰ বিৰুদ্ধে এখন যুদ্ধৰ আৰম্ভণি কৰিছে। বিজেপিয়ে সমগ্ৰ দেশত প্ৰায় ২ লাখ চৰকাৰী বিদ্যালয় বন্ধ কৰি পেলাইছে। হাৰিয়ানাত ৩০০ৰো অধিক বিদ্যালয়ত বিজ্ঞানৰ পাঠদান বন্ধ কৰি পেলোৱা হৈছে। শিক্ষাৰ বাজেট প্ৰতিদিনে হ্ৰাস কৰা হৈছে। এনে পদক্ষেপ সমূহৰ আঁৰত এটাই উদ্দেশ্য, সেয়া হৈছে সাধাৰণ নাগৰিকক অনগ্ৰসতাৰ মাজলৈ ঠেলি দি ভুল চিন্তাধাৰাৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰা। গণতন্ত্ৰত হিংসা আৰু প্ৰতিহিংসাৰ কোনো ঠাই নাই। লাগিলে হিংসা যাৰ ফালৰ পৰাই নহওক, কিন্তু ই কেতিয়াও সমাধান হ'ব নোৱাৰে।'

'যিয়ে আজি বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি ভাঙিছে, সি যদি ভৱিষ্যতে বিদ্যাসাগৰ সেতু ভঙাৰ কথা কয়, তেন্তে তাত আচৰিত হ'বলগা একো নাই। ইংৰাজে এদিন খাদ্য চটিয়াই ভাৰতত ৰাজত্ব কৰিছিল। আজিও কিছু নেতাই জনতাক মুৰ্খ সজাই প্ৰলোভনৰ ৰাজনীতি কৰি আহিছে। মূল বিষয়াৰ পৰা আতৰাই ৰাখি স্বাৰ্থ সিদ্ধি কৰিছে। এতিয়া স্কুল-কলেজৰ কথা কোৱা নহয়, তাৰ বিপৰীতে কোৱা হয় শ্মশান আৰু কবৰস্থানৰ কথা। বৌদ্ধিকতাৰ বিৰুদ্ধে এক ঘৃণনীয় পৰিৱেশৰ সৃষ্টি কৰা হৈছে। বিশ্ববিদ্যালয় সমূহ ধ্বংস কৰি পেলোৱাৰ ষড়যন্ত্ৰ ৰচা হৈছে। বিজেপিয়ে দেশৰ বহু ক্ষতিসাধন কৰিছে। এই ক্ষতিৰ পূৰণ আগন্তুক নিৰ্বাচনত নহয়, বিপৰীতে সাধাৰণ জনতাৰ সামূহিক প্ৰচেষ্টাৰে হোৱা উচিত।'

কানহাইয়াই পুনৰ লিখিছে- 'গৌৰী লংকেশ, নৰেন্দ্ৰ দোভালকৰ, গোবিন্দ পানচৰে, কলবুৰ্গী আদিয়ে অজ্ঞানতাৰ অন্ধকাৰ আতৰবালৈ গৈ জ্ঞানৰ পথত শ্বহীদ হৈছিল। সেই কথা আমি পাহৰিব নালাগে। তেওঁলোকৰ আদৰ্শক সন্মান জনাই আমি আমাক অজ্ঞানী কৰি ৰাখিব খোজা সকলৰ বিৰুদ্ধে একত্ৰিত হৈ থিয় হ'ব লাগে।'