জ্যেষ্ঠ কংগ্ৰেছ নেতাই ক’লে- ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে লাভ নকৰে বহুমত

জ্যেষ্ঠ কংগ্ৰেছ নেতাই ক’লে- ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে লাভ নকৰে বহুমত

author-image
asomiyapratidin
New Update
মুখ্যমন্ত্ৰী কমলনাথৰ বিৰুদ্ধে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগঃ প্ৰতিবাদত নামিল নিজৰেই দলৰ কৰ্মী

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন ২০১৯ত কংগ্ৰেছে বহুমত লাভ কৰিবলৈ সক্ষম নহ'ব। এই কথা মুকলিকৈ স্পষ্ট কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথে। শনিবাৰে নিশা তেওঁ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয়, 'আমি ভাবো যে নিৰ্বাচনত আমি ভাল ফল প্ৰদৰ্শন কৰিম। কিন্তু আমি বহুমত লাভ কৰিবলৈ সক্ষম নহও। যাৰ বাবে নিৰ্বাচনৰ পিছত চৰকাৰ গঠনৰ বাবে আমি মহাজোঁটবন্ধন কৰিব লাগিব। এই জোঁট বন্ধনত বিভিন্ন ৰঙৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যাব।'

বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ব বুলি দাবী কৰি কমলনাথে কয়, 'বিজেপিয়ে এইবাৰ বহুমত লাভ নকৰাটো নিশ্চিত। আৰু চৰকাৰ গঠন কৰিবলৈ তেওঁলোকে মিত্ৰজোঁটো গঠন কৰিব নোৱাৰিব। কিয়নো অন্য দলসমূহে তেওঁলোকৰ সৈতে মিত্ৰজোঁটত আহিব নিবিচাৰে।'