‘গডছেয়ে গান্ধীক হত্যা কৰিছিল, প্ৰজ্ঞাই হত্যা কৰিছে দেশৰ আত্মাক’

‘গডছেয়ে গান্ধীক হত্যা কৰিছিল, প্ৰজ্ঞাই হত্যা কৰিছে দেশৰ আত্মাক’

author-image
asomiyapratidin
New Update
‘গডছেয়ে গান্ধীক হত্যা কৰিছিল, প্ৰজ্ঞাই হত্যা কৰিছে দেশৰ আত্মাক’

ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক দেশভক্ত আখ্যা দিয়া বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞা সিঙৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে শান্তিৰ ন'বেল জয়ী সমাজকৰ্মী কৈলাশ সত্যাৰ্থী। প্ৰজ্ঞাৰ দৰে লোকক বিজেপিৰ পৰা বহিস্কাৰ কৰাৰ বাবেও দাবী জনাই সত্যাৰ্থীয়ে।

শনিবাৰে এক টুইটযোগে কৈলাশ সত্যাৰ্থীয়ে লিখিছে- 'গডছেয়ে কেৱল গান্ধীক হত্যা কৰিছে। কিন্তু সাধ্বী প্ৰজ্ঞাই মানুহৰ আত্মাক হত্যা কৰিছে। হত্যা কৰিছে দেশৰ অহিংসা, শান্তি আৰু সহিঞ্চুতাৰ আত্মাক। গন্ধী সকলো ক্ষমতা আৰু ৰাজনীতিৰ উৰ্ধ্বত। সৰু সৰু স্বাৰ্থৰ কথা পাহৰি বিজেপিয়ে ৰাজধৰ্ম পালন কৰি প্ৰজ্ঞাৰ দৰে নেত্ৰীক দলৰ পৰাই বহিস্কাৰ কৰিব লাগে।'

উল্লেখ্য যে, বৃহস্পতিবাৰে ভূপাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মালেগাঁও বিস্ফোৰণ কাণ্ডৰ মূল অভিযুক্ত সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছে দেশভক্ত আছিল, আছে আৰু চিৰদিন থাকিব বুলি মন্তব্য কৰিছিল। বিজেপি প্ৰাৰ্থীগৰাকীৰ এই মন্তব্যৰ পিছতে ৰাজনৈতিক মহলত তীব্ৰ খলকনিৰ সৃষ্টি হয়। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও প্ৰজ্ঞাৰ এই মন্তব্যৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি প্ৰজ্ঞা সিঙক কোনো দিন ক্ষমা কৰিব নোৱাৰিব বুলি মন্তব্য কৰে। কিন্তু তাৰ পিছতো বিজেপিৰ এই প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে দলটোৰ নেতৃত্বই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।