দিগ্বিজয় হাৰিলে জীৱন্তে সমাধি যাম বুলি কোৱা হেলিকপ্টাৰ বাবাই ল’লে নে জীৱন্তে সমাধি, ভিডিঅ’

দিগ্বিজয় হাৰিলে জীৱন্তে সমাধি যাম বুলি কোৱা হেলিকপ্টাৰ বাবাই ল’লে নে জীৱন্তে সমাধি, ভিডিঅ’

author-image
asomiyapratidin
New Update
দিগ্বিজয় হাৰিলে জীৱন্তে সমাধি যাম বুলি কোৱা হেলিকপ্টাৰ বাবাই ল’লে নে জীৱন্তে সমাধি, ভিডিঅ’

ডিজিটেল ডেস্কঃ এতিয়া দেশত বাবাই বাবা। কোনোবা যদি কম্পিউটাৰ বাবা, কোনোবা হেলিকপ্টাৰ বাবা। ৰাজনৈতিক নেতাসকলৰো বাবাপ্ৰীতি বৰ বেছি। বাবাই যি কয়, ৰাজনৈতিক নেতাসকলে তাকেই মানে। তাৰ সুযোগ লয় তথাকথিত বাবা সকলে।

Advertisment

মধ্যপ্ৰদেশৰ এজন বাবা। নাম হেলিকপ্টাৰ বাবা। সাধাৰণতে বাবা সকল বিজেপিৰ সমৰ্থক। কিন্তু এইজন বাবা আকৌ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰহে সমৰ্থক। নিৰ্বাচনৰ পূৰ্বে এই বাবাই কৰিছিল ভৱিষ্যদ্বাণী। দিগ্বিজয় সিং ভূপালৰ পৰা জয়ী হ'ব বুলি তেওঁ দাবী কৰিছিল। কেৱল দাবী কৰাই নহয়, দিগ্বিজয় সিঙে এই নিৰ্বাচনত জয়ী হ'ব বুলি তেওঁ ভৱিষ্যদ্বাণী কৰি কৈছিল- দিগ্বিজয় যজ্ঞ পাতিব তেওঁ। ৫.৩০ কুইন্টল জলকীয়া আহুতি দিব এই যজ্ঞত। তাৰ পিছত তেওঁ সাংবাদিকৰ আগত দিয়া প্ৰতিশ্ৰুতি আছিল এয়া-

যদি দিগ্বিজয় সিং জয়ী নহয়, তেনেহ'লে জীৱন্তে সমাধি ল'ব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হৈ গ'ল এই খবৰ। নিৰ্বাচনৰ ফলাফল ওলাল। নিৰ্বাচনৰ ৰণত পৰিল দিগ্বিজয় সিং। নাথুৰাম গডছেক দেশদ্ৰোহী আখ্যা দিয়া মুম্বাই আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ হাতত শ্বহীদ হোৱা আৰক্ষী বিষয়াগৰাকীৰ তেওঁৰ অভিশাপৰ বাবে মৃত্যু হোৱা বুলি দাবী কৰা বিজেপি প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰ জিকিল এই নিৰ্বাচনত।

ভূপাল সংসদীয় সমষ্টিৰ পৰা সদ্যঘোষিত নিৰ্বাচনত জয়ী হোৱা প্ৰজ্ঞা সিঙে বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে দিগ্বিজয়ক। তাৰ পাছত এই বাবালৈ আহিল এটা ফোন। সিমূৰৰ পৰা টেলিফোনত সুধিলে- কোনে কৈছে?

ইমূৰৰ পৰা হেলিকপ্টাৰ বাবাই ক'লে- মই কৈছো, হেলিকপ্টাৰ বাবাই।

তাৰ পাছত বাবাক ভালকৈ এজাউৰি দিলে ৰাহুল নামৰ অধিবক্তাগৰাকীয়ে। সুধিলে, তেওঁ আত্মজাহ যোৱা নাই নেকি? দুদিন নৌহওতেই হেলিকপ্টাৰ বাবাই পাহৰিলে নিজৰ প্ৰতিশ্ৰুতি। ক'লে বেবেৰিবাং বহু কথা। নাথুৰাম গডছেৰ কথাও উলিয়ালে তেওঁ। এয়াই এতিয়া বাবাৰ অৱস্থা। জীৱন্তে সমাধি ল'ম বুলি কোৱা বাবাই ক'লে মই দিগ্বিজয় সিঙৰ লগত আছিলো, আছো, থাকিম।

এতিয়া দেশৰ ৰাজনৈতিক নেতাৰে নহয়, বাবাৰ গাতো লাগিছে নিৰ্বাচনী বতাহ। ৰাজনৈতিকভাৱে তেওঁলোক কিমান সচেতন, সেয়া পিছৰ কথা। ইচ্ছা গ'লেই কৈ দিয়ে যি তি কথা। তাৰ নমুনাহে এয়া। বাবা সকলৰ কথাই এতিয়া মূল্যহীন। এনে অনেক বাবাৰে ভৰি আছে দেশ। সাধু-সন্ত সকলে আগতে মায়ামোহ এৰি তপস্যাত বৰ্তি হৈছিল। এতিয়া তেওঁলোকে কৰে ৰাজনীতি। এয়াই এতিয়া ভাৰত দেশ। সন্যাসীৰ ভেশত সাধুয়েও কৰে ৰাজনীতি।