নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে দেশৰ প্ৰতিখন ৰাজ্যত গৃহ মন্ত্ৰণালয়ৰ এলাৰ্ট জাৰি…

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে দেশৰ প্ৰতিখন ৰাজ্যত গৃহ মন্ত্ৰণালয়ৰ এলাৰ্ট জাৰি…

author-image
asomiyapratidin
New Update
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে দেশৰ প্ৰতিখন ৰাজ্যত গৃহ মন্ত্ৰণালয়ৰ এলাৰ্ট জাৰি…

ডিজিটেল ডেস্কঃ সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হবলৈ মাজত বাকী মাথোঁ কেইটামান ঘন্টা। ফলাফল ঘোষণাৰ পূৰ্বে গৃহ মন্ত্ৰণালয়ে দেশৰ প্ৰতিখন ৰাজ্যলৈ জাৰি কৰিছে এলাৰ্ট । ভোটগণনাৰ সময়ত দেশৰ প্ৰতিখন ৰাজ্যত আইন-শৃংখলা অটুট ৰাখিবলৈ প্ৰতিখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক সতৰ্ক কৰি দিয়া হৈছে।

গৃহ মন্ত্ৰণালয়ৰ শংকা প্ৰকাশ কৰিছে যে ভোটগণনাৰ দিনটোত দেশৰ বিভিন্ন ৰাজ্যত সংঘৰ্ষৰ সূত্ৰপাত হ'ব পাৰে। ভোটগণনাৰ সময়ত যাতে কোনো ধৰণৰ আইন–শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে গৃহ মন্ত্ৰণালয়ে ৰাজ্যসমূহক সতৰ্ক হৈ থকাৰ নিৰ্দেশ প্ৰদান কৰিছে।