/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/385459-viral-photo-of-bar.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰত পুনৰ এবাৰ মোডী চৰকাৰ গঠন হোৱাক লৈ দেশজুৰি সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ। বিজেপি কৰ্মী, সমৰ্থকে মিঠাই বিতৰণ কৰি, আতচবাজী ফুটাই বিজেপিৰ বিজয় উৎসৱ পালন কৰিছে। তেনে সময়তে মধ্যপ্ৰদেশৰ বাৰৱানীৰ সেন্ধৱা এলেকাত থকা এখন হেয়াৰ কাটিং চেন্টাৰে মোডীৰ বিজয় আনন্দত ৩ দিন বিনামূলীয়াকৈ দাঢ়ি, চুলি কাটি আছে।
চোনবানে হেয়াৰ কাটিং নামৰ প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰ ৰবিন্দ্ৰ চোনবানেয়ে নিজকে এগৰাকী মোডীৰ অনুৰাগী বুলি মন্তব্য কৰি কয়, 'মোৰ ওচৰত আনন্দ প্ৰকাশৰ এইটোৱেই পথ আছিল। মই ৩ দিন বিনামূলীয়াকৈ দাঢ়ি-চুলি কটাৰ সিদ্ধান্ত লৈছো।' উল্লেখ্য যে, শুকুৰবাৰৰ পৰা বিনামূলীয়াকৈ দাঢ়ি, চুলি কাটি অহা হেয়াৰ কাটিং প্ৰতিষ্ঠানখনত শনিবাৰেও দেখা যায় যথেষ্ট সংখ্যক লোকৰ ভিৰ।
বহু দূৰ দূৰণিৰ পৰা দোকানখন চোৱাৰ বাবে বহু লোকৰ আগমণ ঘটাৰ লগতে বিনামূলীয়াকৈ দাঢ়ি-চুলি কটোৱাৰ বাবেও বহু লোকে ভিৰ কৰা দেখা যায় দোকানৰ বাহিৰত। দোকানৰ বাহিৰত আঁৰি থোৱা হৈছে প্ৰধানমন্ত্ৰী মোডীৰ এখন বিশাল হৰ্ডিং। ৰবিন্দ্ৰ চোনবানেয়ে প্ৰকাশ কৰা মতে, প্ৰতিষ্ঠানখনত একে সময়ত ৩ জন লোকৰ দাঢ়ি, চুলি কটাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিষ্ঠানখনৰ এনে পদক্ষেপে মধ্যপ্ৰদেশত চৰ্চা লাভ কৰি পৰিলক্ষিত হৈছে।