‘মোডী চুনামী’ক একাষৰীয়া কৰি ২৯ মে’ত পঞ্চমবাৰৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নবীন পাটনায়কে…

‘মোডী চুনামী’ক একাষৰীয়া কৰি ২৯ মে’ত পঞ্চমবাৰৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নবীন পাটনায়কে…

author-image
asomiyapratidin
New Update
‘মোডী চুনামী’ক একাষৰীয়া কৰি ২৯ মে’ত পঞ্চমবাৰৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নবীন পাটনায়কে…

ডিজিটেল ডেস্কঃ পঞ্চমবাৰৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব নবীন পাটনায়ক। বিধায়িনী দলৰ দলপতি হিচাপে পাটনায়কক নিৰ্বাচিত কৰাৰ পাছত দেওবাৰে ৰাজ্যপালক সাক্ষাৎ কৰে পাটনায়কে। সাক্ষাতৰ পাছতে বিজু জনতা দলৰ নেতা গৰাকীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায় ৰাজ্যপালে।

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি, ২৯ মে'ত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব নবীন পাটনায়কে। উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত ওড়িশাত বিজু জনতা দলে চমকপদ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মুঠ ১৪৬ খন আসনৰ ভিতৰত ১১২ খন আসনত বিজয় সাব্যস্ত কৰাৰ লগতে ২১ লোকসভা আসনৰ ভিতৰত ১২ খনত জয়ী হৈছে বিজু জনতা দলৰ প্ৰাৰ্থী।