/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D41mZAwUYAMcDNy.jpg)
ডিজিটেল ডেস্কঃ ন বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। পূৱ দিল্লীৰ বিজেপি প্ৰাৰ্থী গৌতম গম্ভীৰৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতাই।
উল্লেখ্য যে, পুৱ দিল্লীৰ বৰ্তমানৰ বিজেপি সাংসদ মহেশ গিৰিৰ পৰিৱৰ্তে এইবাৰ গৌতম গম্ভীৰক সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ঘোষণা কৰিছিল বিজেপিয়ে। সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী অৰবিন্দৰ সিং লাভলী আৰু আম আদমী পাৰ্টীৰ আতিশীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব গৌতম গম্ভীৰ।
২০১৪চনৰ লোকসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা মহেশ গিৰিয়ে আম আদমী পাৰ্টীৰ নেতা ৰাজমোহন গান্ধীক প্ৰায় ১৯০,৪০০ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।