প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদ মেলত বহিল মোডী…

প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদ মেলত বহিল মোডী…

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদ মেলত বহিল মোডী…

ডিজিটেল ডেস্কঃ ৫ বছৰীয়া শাসন কালত প্ৰথম বাৰলৈ সংবাদ মাধ্যমৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসনভাৰ হাতত লোৱা নৰেন্দ্ৰ মোডীয়ে বিগত সময়ছোৱাত এবাৰলৈও এখন সংবাদ মেল অনুষ্ঠিত নকৰাক লৈ প্ৰায়ে বিৰোধীৰ কটাক্ষৰ সন্মুখীন হৈ আহিছিল। কিন্তু অৱশেষত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰথম বাৰলৈ সংবাদ মেল সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

উল্লেখ্য যে, অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পেলাই শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে মধ্য প্ৰদেশত এখন জনসভা সম্বোধন কৰে। তাৰ পিছতে দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে তেওঁ। প্ৰধানমন্ত্ৰীৰ সংবাদ মেলত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহো।

সংবাদ মেলত প্ৰথমতেই নৰেন্দ্ৰ মোডীয়ে পলম হোৱা বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰে। তাৰ পিছতে তেওঁ কয়, 'যোৱাবাৰ লোকসভা নিৰ্বাচনৰ ফলাফল ১৬ মে'ত ঘোষণা হৈছিল আৰু তাৰ মাত্ৰ এটা দিন পিছতেই অৰ্থাৎ ১৭ মে'ত এটা দুৰ্ঘটনা হৈছিল। সেই দুৰ্ঘটনা আছিল শাসকীয় দলটো পিচলি পৰাৰ দুৰ্ঘটনা। চৰকাৰত সৎ আৰু সুনিষ্ঠা প্ৰতিষ্ঠা হোৱা বাবে পূৰ্বৰ ক্ষমতালোভী সকলে সহ্য কৰিব পৰা নাছিল। এইবাৰো নতুন চৰকাৰ গঠন কৰাটো জনতাই নিশ্চিত কৰি লৈছে। আমাৰ ঘোষণা পত্ৰত দেশ প্ৰগতিৰ দিশত আগুৱাই নিয়াৰ কথা কৈছো। যিমান সোনকালে সম্ভৱ হয়, সিমান সোনকালেই নতুন চৰকাৰখনে কাৰ্যভাৰ হাতত ল'ব। দেশৰ বাবে নিৰ্ণায়ক সিদ্ধান্ত ল'ব।'

তেওঁ পুনৰ কয়, 'আমি বিশ্বাস কৰো যে আমাৰ দেশৰ বাবে গণতন্ত্ৰই সৰ্বস্ব। এই গণতন্ত্ৰক জনতাৰ মাজলৈ লৈ যোৱাটো আমাৰ দায়িত্ব। পূৰ্বে ২০০৯ আৰু ২০১৪ চনত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়া আইপিএলক বাহিৰলৈ লৈ যাব লগা হৈছিল। কিন্তু আজিৰ নিৰ্বাচনৰ সময়ত ৰমজান, ইস্তাৰ সকলো উদযাপন হয়, স্কুলো নিয়মিয়াকৈ চলি থাকে। এইবাৰ নিৰ্বাচন কোনো অসুবিধা নোহোৱাকৈ অনুষ্ঠিত হৈছে।'

ইফালে সংবাদ মেলত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে কয়, 'দেশৰ জনতাই পুনৰ এবাৰ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে। নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰতি ১৫ দিনৰ মূৰে মূৰে এখন নতুন যোজনা জনতাৰ বাবে মুকলি কৰিছিল। সম্পূৰ্ণ কাৰ্যকালত মুঠ ১৩৩ খন যোজনা দেশৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰিবলৈ প্ৰস্তুত কৰা হৈছে।'

কলকতাৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহে কয়, 'পশ্চিম বংগত বিজেপিৰ ৮০ জন কৰ্মকৰ্তা নিহত হৈছে। আমিতো প্ৰতিখন ৰাজ্যতেই নিৰ্বাচনী প্ৰচাৰ চলাইছো। অইন ৰাজ্যত কিয় হিংসাত্মক পৰিস্থিতি নহয়? আমাৰ বাবে যদি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন তেন্তে সমগ্ৰ দেশতেই হ'লহেঁতেন। কিন্তু কেৱল পশ্চিম বংগত কিয়? এই কথা মমতা দিদিক সোধাৰ প্ৰয়োজন।'

উল্লেখ্য যে, অহা ১৯ মে'ত অনুষ্ঠিত হ'ব ২০১৯ৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। ২৩ মে'ত ঘোষণা হ'বলগীয়া নিৰ্বাচনী ফলাফলক লৈ এতিয়া শাসক-বিৰোধী সকলো দলেই উদ্বিগ্ন হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে শেহতীয়াকৈ নিৰ্বাচনী তৎপৰতাৰে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভা সম্বোধন কৰা পৰিলক্ষিত হৈছে। বিজেপিয়ে পুনৰ এবাৰ কেন্দ্ৰত মোডী চৰকাৰ গঠন হ'ব বুলি দাবী কৰাৰ বিপৰীতে বিৰোধীয়ে এইবাৰ মোডীক উফৰাই পেলাবলৈ সকলো চেষ্টা অব্যাহত ৰাখিছে।