/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/Gautam-Gambhir_PTI-1200x600.jpg)
ডিজিটেল ডেস্কঃ পূব দিল্লী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে। নিৰ্বাচন আয়োগৰ নিৰ্দেশৰ পিছতে বিজেপি নেতাজনৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰে আৰক্ষীয়ে।
উল্লেখ্য যে, যোৱা ২৫ এপ্ৰিলত দিল্লীৰ জংগপুৰাত বিজেপি নেতা গৌতম গম্ভীৰে এক ৰেলী বাহিৰ কৰিছিল। কিন্তু এই ৰেলীৰ বাবে তেওঁ দিল্লী প্ৰশাসনৰ পৰা কোনো অনুমতি নোলোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত নিৰ্বাচন আয়োগে দিল্লী আৰক্ষীক বিজেপি নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ এসময়ৰ দুৰ্দান্ত অপেনাৰ গৌতম গম্ভীৰে শেহতীয়াকৈ বিজেপিত যোগ দানৰ পিছতে পূব দিল্লী সংসদীয় সমষ্টিৰ পৰা দলে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰে। সমষ্টিটোত বিগত কিছুদিন ধৰি অধিক তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে গৌতম গম্ভীৰে। এনে সময়তে নিৰ্বাচন আয়োগৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা গোচৰে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত বাধা জন্মোৱাৰ সম্ভাৱনা আছে।