/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/382703-venkaiah-naidu.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে বহুকেইটা সংস্থাই প্ৰকাশ কৰিলে সপ্তদশ লোকসভা নিৰ্বাচনৰ এগজিট প'ল। সকলোৱে সমীক্ষাত প্ৰকাশ পাইছে যে, আকৌ এবাৰ দিল্লীৰ মছনদত বহিব বিজেপি দল। সকলো দলে ৩০০ ৰো অধিক আসন প্ৰদান কৰিকে বিজেপি নেতৃত্বাধীন ই পি এ চৰকাৰক। এই সমীক্ষা প্ৰকাশ পোৱাৰ পাছতে বিজেপি দলৰ বিভিন্ন নেতা কৰ্মীৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা হৈছে। ইয়াৰ মাজতে দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে বিজেপি দলৰ নেতা-কৰ্মীক উদ্দেশ্যি কয়- এই এগজিট প'ল নিৰ্বাচনৰ বাস্তৱ পৰিণাম নহয়, এয়া আমি বুজা উচিত। ১৯৯৯ চনৰ পৰা অধিক সংখ্যক এগজিট প'ল ভুল হিচাপে বিবেচিত হৈছে।'
এক অনুষ্ঠানত সংবাদ মাধ্যমৰ সন্মুখত উপ ৰাষ্ট্ৰপতি গৰাকীয়ে কয়- ২৩ মে'ৰ লৈকে সকলো দলেই নিজৰ আত্মবিশ্বাস প্ৰদৰ্শন কৰিব। ফলাফলক লৈ কাৰো হাততে সঠিক তথ্য নাথাকে, গতিকে ফলাফলৰ দিনলৈ অপেক্ষা কৰা উচিত।'