‘এগজিট প’লত বিজেপিৰ আসনৰ সংখ্যা বঢ়াবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা দিয়া হৈছিল হেঁচা’- ৰাষ্ট্ৰীয় চেনেলত চৰ্চা… VIDEO

‘এগজিট প’লত বিজেপিৰ আসনৰ সংখ্যা বঢ়াবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা দিয়া হৈছিল হেঁচা’- ৰাষ্ট্ৰীয় চেনেলত চৰ্চা… VIDEO

author-image
asomiyapratidin
New Update
‘এগজিট প’লত বিজেপিৰ আসনৰ সংখ্যা বঢ়াবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা দিয়া হৈছিল হেঁচা’- ৰাষ্ট্ৰীয় চেনেলত চৰ্চা… VIDEO

ডিজিটেল ডেস্কঃএগজিটপ'লক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্ক। এটা ৰাষ্ট্ৰীয় চেনেলৰ এক আলোচনাত এগজিট প'লৰবহু ভিতৰুৱা কথা ব্যক্ত কৰিলে এজন আলোচকে। সংবাদমাধ্যমৰে জড়িত এই আলোচকগৰাকীয়েএগজিট প'লৰ বিতৰ্কত অংশ লৈ ক'লে-

'প্ৰথম কথাটো হ'ল এই যে এগজিট প'ল দেশজুৰি হৈ আছে ইয়াৰ দ্বাৰা সংবাদমাধ্যমত কেনেধৰণৰ হেঁচা পৰিছে সেয়া আপোনালোকক বুজাই দিব বিচাৰিছো। মই আপোনালোকক তিনিটা কথা জনাব বিচাৰিছো। প্ৰথমটো হ'ল- প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰতিটো এগজিট প'ল এজেঞ্চীক হেঁচা দিয়া হৈছে আপোনালোকে বিৰোধীৰ আসনৰ সংখ্যা সমূহ কমাওক। ইয়াৰোপৰি এটা নিউজ চেনেলে পূৰ্বে বিজেপিক ১৮০খন আসন পোৱাৰ সম্ভাৱনা থকা বুলি কৈছিল যদিও, হঠাতেই ২০০-২৫০ আসন লাভ কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰে। আৰু দুটা এগজিট প'লৰ এজেঞ্চীৰ এটাই ৩০০ আসনেৰে বিজেপিক সংখ্যা গৰিষ্ঠতা প্ৰদান কৰিছে। আৰু দুয়োটা এজেঞ্জীয়ে ভাৰতীয় জনতা পাৰ্টিৰ হৈও কাম কৰি আছে…।' এই আলোচনা এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।