এগজিট প’লক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’লেঃ আকৌ এবাৰ মোডী চৰকাৰ

এগজিট প’লক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’লেঃ আকৌ এবাৰ মোডী চৰকাৰ

author-image
asomiyapratidin
New Update
আজি দিনৰ ১২ বজাত দক্ষিণ শালমাৰা মানকাচৰলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

ফাইল ফটো

ডিজিটেল ডেস্কঃএগজিট প'লক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীত সংবাদমাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেও কয়- 'আমি পূৰ্বৰে পৰাই কই আহিছো আকৌ এবাৰ মোডী চৰকাৰ, এগজিট প'লেও তাকেই কৈছে। অসমৰ লগতে ভাৰতবৰ্ষৰ জনগণে এই কথাত অতিশয় আনন্দিত।'

লগতে তেও কয়- 'মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াই যিমান সততা, নিষ্ঠাৰে যোৱা ৫ বছৰে ভাৰতবৰ্ষৰ ১৩০ কোটি জনগণৰ বাবে কাম কৰিলে আৰু এটা উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ'ল তাৰ বাবেই ভাৰতবৰ্ষৰ জনগণে তেও ওপৰত অগাধ বিশ্বাস ৰাখিছে। সেয়েহে সকলোৱে মোডী ডাঙৰীয়াক দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পাবৰ বাবে ভোট দিছে।' উল্লেখ্য যে, ৰাজ্যৰ নিৰাপত্তা বিষয়ক এক বৈঠকত সোমবাৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে অংশ লৈছিল সোণোৱালে