/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/evm-vdo-face-certergUntitled-2.jpg)
ডিজিটেল ডেস্কঃ এটা ভিডিঅ'ই এতিয়া দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে। এখন গাড়ীৰ পৰা নমাই ইভিএমবোৰ নিয়া হৈছে এটা কোঠালৈ। ভোটদান হৈ যোৱা ২৪ ঘণ্টাৰ পাছত এইদৰে অনা হৈছে অদায়িত্বশীলভাৱে ইভিএমবোৰ। এজন লোকে ম'বাইলত বন্দী কৰিলে সেই দৃশ্য।
গাড়ীৰ পৰা নমাই উত্তৰপ্ৰদেশৰ চাণ্ডাৱলীত কেইটাবাও ই ভি এম এটা কোঠালৈ নিয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধীয়ে। ইভিএম নমুৱা লোক কেইজনৰ মতে, ৰিজাৰ্ভ ই ভি এমবোৰ তেওঁলোকে আনিছে এইদৰে। কিন্তু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুযায়ী, ভোটগ্ৰহণৰ পাছতেই একেলগে ভোটদানত ব্যৱহাৰ কৰা আৰু ৰিজাৰ্ভ ই ভি এমবোৰ ষ্ট্ৰং ৰূমলৈ লৈ আহিব লাগে।
ব্যৱহৃত আৰু অব্যৱহৃত সকলোবোৰ ই ভি এমৰ দায়িত্ব ল'ব লাগে নিৰাপত্তাৰক্ষীয়ে। কিন্তু সেই নিয়ম উলংঘা হৈছে এতিয়া উত্তৰপ্ৰদেশত। সেয়েহে প্ৰশ্ন উঠিছে এনেদৰে সালসলনি কৰা কিবা ষড়যন্ত্ৰ চলিছে নেকি ইভিএমৰ।
Without any comment, an EVM video from Chandauli, UP.
pic.twitter.com/Gmwj638mdo
— Ravi Nair (@t_d_h_nair) May 20, 2019