New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5KimjYUcAAo0G8.jpg)
- শনিবাৰে নিৰ্বাচন আয়োগক সাক্ষাৎ কংগ্ৰেছ আৰু বিৰোধী দলৰ নেতাৰ।
- নিৰ্বাচনত ব্যৱহৃত ইভিএম সন্দৰ্ভত এক পত্ৰ প্ৰদান নিৰ্বাচন আয়োগক।
- ইভিএমক বিজেপিয়ে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ অভিযোগ কংগ্ৰেছসহ বিৰোধী নেতৃত্বৰ।
- 'ইভিএমত দলৰ নাম আৰু প্ৰতীক চিহ্ন একেলগে ব্যৱহাৰ কৰিব নোৱাৰে।'
- এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অভিষেক মনু সিংভীৰ।
- 'কিন্তু বিজেপিৰ প্ৰতীক চিহ্নৰ তলতে দলৰ নামটোও স্পষ্টকৈ লিখা আছে।'
- 'এয়া কেনেকৈ সম্ভৱ?'
- 'ইয়াৰ অৰ্থ এয়াই যে বিজেপিয়ে নাম আৰু প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি ভোটকেন্দ্ৰতো ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে।'
- 'আমি নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি বিৰোধিতা কৰিছো ইয়াৰ।'
- 'বিজেপিৰ দলৰ নাম ইভিএমৰ পৰা আতৰোৱাৰ বাবে দাবী জনাইছো আমি।'
- 'অন্যথা অন্যান্য দলৰ নাম সমূহো প্ৰতীক চিহ্নৰ লগত প্ৰয়োগ কৰিব লাগিব।'
- 'যদি এয়া নহয়, তেন্তে বিজেপিৰ নাম লিখা হোৱা ইভিএম নিৰ্বাচনত বাতিল কৰক।'
- নিৰ্বাচন আয়োগক সাক্ষাতৰ পিছত এই মন্তব্য কংগ্ৰেছ নেতা অভিষেক মনু সিংভীৰ।