New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/EVM-INDIA_710x400xt.jpg)
- কেইবাখনো ৰাজ্যৰ ভোটগ্ৰহণ কেন্দ্ৰত ধৰা পৰিছে ইভিএমৰ বিসংগতি।
- মুুখ্য নিৰ্বাচনী আয়োগে সদৰি কৰিলে এই কথা।
- অন্ধ্ৰপ্ৰদেশত ৬ টা স্থানত ধৰা পৰিছে ইভিএমৰ বিসংগতি।
- অৰুণাচলৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫ টা ভোটগ্ৰহণ কেন্দ্ৰত ধৰা পৰে ইভিএমৰ বিসংগতি।
- বিহাৰত এটা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে বহুসময় ধৰি বন্ধ কৰি ৰখা হয় ভোটগ্ৰহণ।
- মণিপুৰতো সৃষ্টি হয় একেই পৰিস্থিতি। ২টা ভোটকেন্দ্ৰত দেখা দিয়ে ইভিএমৰ বিসংগতি।
- পশ্চিম বংগৰ এটা ভোটকেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে বহু পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহণ।
- তাৎপৰ্য্যপূৰ্ণভাৱে অসমত প্ৰথম পৰ্যায়ত ৫টা সমষ্টিৰ বাবে হোৱা ভোট গ্ৰহণ পৰ্বত প্ৰায় ৮০ টা ভোটকেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে ভোটগ্ৰহণত পলম হয় যদিও নিৰ্বাচন আয়োগে এতিয়ালৈকে সদৰি কৰা নাই এই তথ্য।
- ধেমাজিৰ এটা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ বাবে ৰিটাৰ্ণিং বিষয়াই সিদ্ধান্ত দিয়া সন্দৰ্ভতো তথ্য প্ৰকাশ কৰা নাই আয়োগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us