মোডীক ক্লীন শ্বীট! আয়োগৰ ভিতৰচৰাত অসন্তুষ্টি অব্যাহত, মুখ্য নিৰ্বাচন আয়ুক্তৰ প্ৰতিক্ৰিয়া

মোডীক ক্লীন শ্বীট! আয়োগৰ ভিতৰচৰাত অসন্তুষ্টি অব্যাহত, মুখ্য নিৰ্বাচন আয়ুক্তৰ প্ৰতিক্ৰিয়া

author-image
asomiyapratidin
New Update
মোডীক ক্লীন শ্বীট! আয়োগৰ ভিতৰচৰাত অসন্তুষ্টি অব্যাহত, মুখ্য নিৰ্বাচন আয়ুক্তৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিৰ্বাচন আয়োগে ক্লীন শ্বীট প্ৰদান কৰাক লৈ ক্ষুব্ধ নিৰ্বাচন আয়ুক্ত অশোক লাৱাছাই এখন পত্ৰৰ জৰিয়তে নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছিল। শনিবাৰে সেই পত্ৰৰ উত্তৰ দি কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কয় যে নিৰ্বাচন সমিতিৰ তিনি বিষয়া কেতিয়াও ক্ল'ন নহয়। প্ৰত্যেকৰে মাজত মতৰ বিভেদ থাকিব পাৰে। ইয়াৰ পূৰ্বেও নিৰ্বাচন বিষয়া সকলৰ মাজত মতানৈক্য হোৱাৰ উদাহৰণ আছে আৰু সেয়া হোৱা উচিত বুলিও পত্ৰত উল্লেখ কৰে সুনীল আৰোৰাই।

কিন্তু ইয়াৰ পূৰ্বে নিৰ্বাচনৰ আয়োগৰ ভিতৰ চৰাত সৃষ্টি হোৱা মতভেদ কাৰ্যালয়ৰ ভিতৰতে আবদ্ধ আছিল বুলি মন্তব্য কৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে এই সময়ত তৰ্কতকৈ মৌনতাই বেছি প্ৰাসংগিক। আনহাতে নিৰ্বাচনী আচৰণ বিধি সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত খবৰ সন্দৰ্ভত সুনীল আৰোৰাই পত্ৰত কয়, 'এনে বিবাদস্পষ্ট খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাটো ৰোধ কৰিব পৰা গ'লহেঁতেন।'


— ANI (@ANI) May 18, 2019

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে উত্থাপিত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত নিৰ্বাচন আয়োগে ক্লীন শ্বীট প্ৰদান কৰাৰ পিছতে আয়োগৰ ভিতৰ চৰাত মতানৈক্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। খবৰ অনুসৰি, এই সন্দৰ্ভত নিৰ্বাচন আয়ুক্ত অশোক লাৱাছাই যোৱা ৪ মে'ত মুখ্য নিৰ্বাচন আয়ুক্তলৈ লিখা এখন চিঠি শেহতীয়াকৈ পোহৰলৈ আহিছে। য'ত তেওঁ নিৰ্বাচন আয়োগৰ বৈঠকৰ পৰা তেওঁক আতৰাই ৰাখিবলৈ বাধ্য কৰোৱা হোৱা বুলিও উল্লেখ্য কৰিছে।

পত্ৰত তেওঁ অল্পমতৰ সিদ্ধান্ত যাতে ৰেকৰ্ড কৰিব নোৱাৰে, তাৰ বাবেই বৈঠকত অংশ লোৱাৰ পৰা আতৰাই ৰখাৰ বাবে বাধ্য কৰোৱা হৈছিল বুলি উল্লেখ কৰে। আন এক সূত্ৰ অনুসৰি পত্ৰত অশোক লাৱাছাই নিৰ্বাচন আয়োগৰ নিয়মৰ অধীনত কাম কৰাৰ বাবে দ্বিতীয় পন্থা গ্ৰহণৰ সন্দৰ্ভতো মন্তব্য কৰিছে। আনহাতে অশোক লাৱাছাৰ এই পত্ৰ লাভ কৰাৰ পিছতে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই অশোক লাৱাছাক বৈঠকৰ বাবে মাতি পঠিয়ায়।