ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO

ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO

author-image
asomiyapratidin
New Update
ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO

ডিজিটেল ডেস্কঃ দেশ উদ্ধাৰ নহয়, ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি ল'বলৈ আহ্বান জনালে এটা ৰাজনৈতিক দলৰ নেতাই। মঙলবাৰে এক সভাত ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টীৰ অধ্যক্ষ উপেন্দ্ৰ কুশবাহাই দলৰ কৰ্মকৰ্তাসকলক এই আহ্বান জনায়। কুশবাহাই কয়, 'পূৰ্বে বুথ লুণ্ঠনৰ ঘটনা ঘটিছিল। আজি ফলাফল লুণ্ঠনৰ চেষ্টা চলোৱা হৈছে। যি ধৰণে ইভিএম ভৰ্তি বাহন জব্দ হৈছে, ইয়াৰ পৰা জনতাৰ আক্ৰোশ বৃদ্ধই পাইছে।'

ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টীৰ অধ্যক্ষ গৰাকীয়ে দলৰ সমৰ্থকসকল উদ্দেশ্যি কয়, 'ইভিএম ইফালৰ পৰা সিফাল কৰাৰ খবৰ কেইবাঠাইৰ পৰা লাভ কৰা হৈছে। এনে পৰিস্থিতিত যদি ইভিএম ৰক্ষা কৰিব লাগে, তেন্তে যদি প্ৰয়োজন হয় তেন্তে হাতত অস্ত্ৰও তুলি ল'ব লাগিব।'


— ANI (@ANI) May 21, 2019

উপেন্দ্ৰ কুশবাহাই কয়, 'যিধৰণে দেশজুৰি ইভিএম ভৰ্তি বাহন জব্দ হৈছে, ইয়াৰ পৰা জনতাৰ আক্ৰোশ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু জনতাৰ এই ক্ষোভ এসময়ত নিয়ন্ত্ৰণ কৰা অসম্ভৱ হৈ পৰিব। ইভিএম টেম্পাৰিঙৰ এনে ঘটনা ৰোধ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰ, প্ৰশাসন আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত। কিন্তু এইসকল লোকেই যদি এনে কাম কৰে, তেতিয়া জনতা মনে মনে নাথাকে। মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকলো মনে মনে বহি নাথাকে।