/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/Maharashtra-Police.jpg)
ডিজিটেল ডেস্কঃ ভোটগণনা যাতে সুচাৰুৰূপে হয় তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এই নিৰ্দেশ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত সৃষ্টি হ'ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিহত কৰিবলৈ কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ বাবে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধানসমূহলৈ কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট।
উল্লেখযোগ্য যে, নিৰ্বাচনৰ সময়ত উত্তৰপ্ৰদেশ, পশ্চিমবংগ, ত্ৰিপুৰা, বিহাৰ আদিত যথেষ্ট অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেয়েহে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত কোনো আপোচ নকৰিবলৈ ফোন কৰিছে আৰক্ষী সঞ্চালক প্ৰধান তথা মুখ্য সচিবসমূহলৈ।