লোকসভা নিৰ্বাচনৰ ভোটগণনা, LIVE UPDATES…

লোকসভা নিৰ্বাচনৰ ভোটগণনা, LIVE UPDATES…

author-image
asomiyapratidin
New Update
লোকসভা নিৰ্বাচনৰ ভোটগণনা, LIVE UPDATES-2…

পুৱা ৮.২০ বজাতঃপোষ্টেল বেলটত বিজেপিৰ অগ্ৰগতি। ১১১খন আসনত আগবাঢ়ি আছে বিজেপি, ৪০খন আসনত কংগ্ৰেছ আৰু ১২খন আসনত অন্যান্য।

পুৱা ৮.১০ বজাতঃ পোষ্টেল বেলট গণনাত আগত বিজেপি।বিজেপি আগবাঢ়ি আছে ৬২খন আসনত, কংগ্ৰেছ ১৩খনত আৰু অন্যান্য ৬খন আসনত।

পুৱা ৮.০৯ বজাতঃ বেলটৰ ভোটগণনা আৰম্ভ। ১৯খনত আগবাঢ়ি আছে বিজেপি আৰু ৭খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ। আৰু অন্যান্য এখন।

পুৱা ৮.০৮ বজাতঃ পঞ্জাৱতো ভোটগণনা কেন্দ্ৰৰ সন্মুখত আৰক্ষীৰ তালাচী। প্ৰতিজন ব্যক্তিকে পৰীক্ষা কৰিহে সোমাব দিছে ভোটগণনা কেন্দ্ৰত।

পুৱা ৮.০৬ বজাতঃ কলকাতাতো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। ভোটগণনা কেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে বহু সংখ্যক নিৰাপত্তাৰক্ষী।

পুৱা ৮.০৪ বজাতঃ ভোটগণনা পূৰ্বে ভোটগণনা কেন্দ্ৰত স্নীফাৰ ড'গ লৈ তালাচী চলাই আৰক্ষীয়ে। বাংগালুৰুৰ ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী।

পুৱা ৮.০২ বজাতঃ ভোটগণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

পুৱা ৮ বজাতঃ আৰম্ভ হৈছে ভোটগণনা। প্ৰথমে হ'ব পোষ্টেল বেলটৰ গণনা।