/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/9950ca29-4e53-4804-8bc3-c7214600f642.jpg)
ডিজিটেল ডেস্কঃ সকলোৱে উৎকণ্ঠাৰে ৰৈ আছে ২৩ মে'লৈ। কি হ'ব নিৰ্বাচনৰ ফলাফল। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল যাতে সঠিক আৰু শুদ্ধ ৰূপত ৰাইজে লাভ কৰে, তাৰ বাবে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে লৈছে বিশেষ পদক্ষেপ।
২৩ মে'ৰ পুৱা ৩.৩০ বজাৰ পৰা চূড়ান্ত ফলাফল ঘোষণা নোহোৱালৈকে অবিৰতভাৱে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত ৰাজ্যৰ লগতে দেশৰ সকলো খবৰ সঠিকভাৱে দিয়াৰ ব্যৱস্থা কৰা হৈছে। ডিজিটেল সংস্কৰণে নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ আৰু শুদ্ধভাৱে দিবলৈ সাজু কৰিছে ইতিমধ্যে বিভিন্ন স্থানত সাংবাদিকসকলক।
আন মাধ্যমৰ দৰে এই খবৰৰ মাজত নাথাকিব কোনো বিজ্ঞাপনৰ বিৰতি, নাথাকিব কোনো হৈ-হাল্লা আৰু কোনো আলোচনা। কেৱল বিশুদ্ধ ৰূপত শুদ্ধ আৰু সঠিক নিৰ্বাচনী ফলাফল অবিৰতভাৱে দিয়াৰ প্ৰয়াস কৰিব অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে।
ৰাজ্যত প্ৰথমবাৰৰ বাবে কোনো অনলাইন মিডিয়াত ক্ষীপ্ৰতাৰে পাব নিৰ্বাচন ২০১৯ৰ সঠিক খবৰ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ ৱেবছাইটচ- www.asomiyapratidin.in ত এই খবৰ উপলব্ধ হ'ব।
ইয়াৰোপৰি, ছ'চিয়েল মিডিয়াৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামতো এই খবৰ মুহূৰ্ততে আপুনি লাভ কৰিব পাৰিব। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ নিৰ্বাচন তথা অন্যান্য খবৰ ফেচবুকত পাবৰ বাবে আপুনি অনুসৰণ কৰিব পাৰে তলৰ লিংকটোত-