জ্যোতিষীৰ গণনাত এইবাৰ কাৰ হ’ব চৰকাৰ?

জ্যোতিষীৰ গণনাত এইবাৰ কাৰ হ’ব চৰকাৰ?

author-image
asomiyapratidin
New Update
জ্যোতিষীৰ গণনাত এইবাৰ কাৰ হ’ব চৰকাৰ?

ডিজিটেল ডেস্কঃলোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ মাজত মাত্ৰ ১২ ঘণ্টা। তাৰ পূৰ্বেই ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল কি হ'ব সেই গণনাৰে চৰ্চালৈ আহিছে বাৰানসীৰ এজন জ্যোতিষী।

বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা গণনা হ'ব লগা লোকসভা নিৰ্বাচন ২০১৯ত এগজিট প'লৰ মতে, ৩০০ৰো অধিক আসন পাব এন ডি এ-য়ে। কিন্তু জ্যোতিষীৰ গণনাত ওলোৱা নাই সেই ফলাফল। মন্দিৰ চহৰ বাৰানসীত এগৰাকী বিশিষ্ট জ্যোতিষবিদ পণ্ডিত ঋষি ত্ৰিৱেদীৰ মতে, এইবাৰ লোকসভা নিৰ্বাচনত বেছি আসন লাভ কৰিব বিজেপিয়ে।কিন্তু তেওঁৰ মতে, বিজেপিৰ নেতৃত্বাধীন এন ডি এ-য়ে লাভ নকৰে চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হোৱা আসন।

জ্যোতিষীগৰাকীয়ে লগতে কয়- এই ফলাফলৰ পাছতেই দেশত এক ৰাজনৈতিক অস্থিৰতা সৃষ্টি হ'ব। যি দলেই চৰকাৰ গঠন নকৰক, গ্ৰহৰ স্থিতি গণনা কৰি তেওঁ কয়- কোনো দলেই ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিব।

লগতে তেওঁ কয়- তৃতীয় মৰ্চাই ভাবিব নোৱাৰা ধৰণে ২২০-২৪০খনকৈ আসন লাভ কৰিব পাৰে। বিজেপিয়ে ১৪০-১৬০খন আসন লাভ কৰাৰ লগতে ইউ পি এ-য়ে ১৬০খন আসন লাভ কৰিব বুলি দাবী কৰে।

জ্যোতিষী ত্ৰিৱেদীৰ মতে, এইবাৰ চৰকাৰ গঠনত সমাজৱাদী পাৰ্টি আৰু বহুজন সমাজ পাৰ্টিয়ে মহত্বপূৰ্ণ ভূমিকা পালন কৰিব। আন এগৰাকী জ্যোতিষী পণ্ডিত দীপক মালব্যৰ মতে, চৰকাৰ গঠনৰ বাবে যথেষ্ট কঠিন হ'ব নৰেন্দ্ৰ মোডীৰ। লগতে তেওঁ কয় মোডীৰ নিৰ্বাচন ফলাফলৰ পাছতেই ব্যক্তিগত জীৱনত যথেষ্ট সংকটে দেখা দিব।

যদি চৰকাৰ গঠন কৰে, তেন্তে বিজেপিয়ে যথেষ্ট এৰা-ধৰাৰ মাজেৰে গঠন কৰিব বুলি এইজন জ্যোতিষীয়ে মন্তব্য কৰিছে। তেওঁৰ মতে, পশ্চিমবংগ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা, মিজোৰাম আদি ৰাজ্যৰ আ্ঞ্চলিক দলসমূহে চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব।

কংগ্ৰেছৰ সন্দৰ্ভত তেওঁ কয়- পূৰ্বতকৈ কংগ্ৰেছৰ স্থিতি শক্তিশালী হ'ব। ভোটৰ শতকৰা হাৰ বাঢ়িব। কিন্তু দিল্লীত ভাল ফলাফল নাপাব। ইফালে, আন এজন প্ৰখ্যাত জ্যোতিষবিদ গণেশ প্ৰসাদ মিশ্ৰৰ মতে, এইবাৰ চৰকাৰ গঠন কৰাতো টান হ'ব মোডীৰ বাবে। ২০১৪ৰ লোকসভা নিৰ্বাচনৰ দৰেই গ্ৰহ গতি ভাল নহয় মোডীৰ।সেয়েহে ভবা মতে ফল লাভ নকৰিব মোডী নেতৃত্বাধীন এন ডি এ-য়ে।