বিৰোধীৰ আবেদন খাৰিজ নিৰ্বাচন আয়োগৰ, ভোটগণনাৰ পূৰ্বে নিৰ্ধাৰণ কৰি মিলাই চোৱা নহয় ইভিএম-ভিভিপেট

বিৰোধীৰ আবেদন খাৰিজ নিৰ্বাচন আয়োগৰ, ভোটগণনাৰ পূৰ্বে নিৰ্ধাৰণ কৰি মিলাই চোৱা নহয় ইভিএম-ভিভিপেট

author-image
asomiyapratidin
New Update
বিৰোধীৰ আবেদন খাৰিজ নিৰ্বাচন আয়োগৰ, ভোটগণনাৰ পূৰ্বে নিৰ্ধাৰণ কৰি মিলাই চোৱা নহয় ইভিএম-ভিভিপেট

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে ২২ বিৰোধী দলে ভিভিপেট-ইভিএম মিলাই চোৱাৰ বাবে জনোৱা আবেদন বুধবাৰে নিৰ্বাচন আয়োগে খাৰিজ কৰে। মঙলবাৰে কংগ্ৰেছ, এছপি, বিএছপি, তৃণমূল কংগ্ৰেছকে ধৰি ২২টাকৈ বিৰোধী দলৰ নেতৃত্বই নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি এক পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত বিৰোধীয়ে ইভিএম-ভিভিপেটত জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰি বিশেষ বিশেষ ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম-ভিভিপেট মিলাই চোৱাৰ আবেদন জনাই। যদি কোনো ভোটগ্ৰহণ কেন্দ্ৰত এনে কৰোতে অমিল ধৰা পৰে, তেন্তে সমষ্টিটোত ভিভিপেটসমূহৰ গণনাৰ বাবেও আবেদন জনায় বিৰোধীয়ে।

কিন্তু ২২ বিৰোধী দলৰ এই আবেদনক ভিত্তিহীন আখ্যা দি নিৰ্বাচন আয়োগে বুধবাৰে আবেদন খাৰিজ কৰে। নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন সঠিকভাৱে হোৱাৰ দাবী কৰাৰ লগতে ষ্ট্ৰং ৰুমত ইভিএম আৰু ভিভিপেটসমূহ সম্পূৰ্ণ সুৰক্ষিত বুলি জনায়।

উল্লেখ্য যে, বিৰোধী নেতাই কেইবা স্থানতো ষ্ট্ৰং ৰুমৰ পৰা ইভিএম স্থানান্তৰ কৰা সন্দৰ্ভত উত্থাপন হোৱা অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন জনাছিল। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদে এই সন্দৰ্ভত সংবাদ মাধ্যমক কয়, 'আমি ভিভিপেট মিলাই চোৱাৰ বাবে দাবী জনাইছিলো। লোকসভা নিৰ্বাচনত জনতাৰ মতক সুৰক্ষিত কৰি ৰাখিবলৈ এয়া আমাৰ এক গুৰুত্বপূৰ্ণ দাবী আছিল।'