এইবাৰেই প্ৰথম! নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সামৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ, ক্ষুব্ধ মমতা…

এইবাৰেই প্ৰথম! নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সামৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ, ক্ষুব্ধ মমতা…

author-image
asomiyapratidin
New Update
এইবাৰেই প্ৰথম! নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সামৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ, ক্ষুব্ধ মমতা…

ডিজিটেল ডেস্কঃ দেশৰ নিৰ্বাচনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচন আয়োগে প্ৰয়োগ কৰিলে ৩২৪ ধাৰা। সংবিধানে প্ৰদান কৰা এই ক্ষমতা প্ৰয়োগ কৰি নিৰ্ধাৰিত সময়ৰ পূৰ্বেই পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ বন্ধৰ ঘোষণা কৰিলে নিৰ্বাচন আয়োগে।

পশ্চিমবংগত বিজেপি সভাপতি অমিত শ্বাহে মঙলবাৰৰ আবেলি এক ৰোড শ্বত অংশ লৈছিল। সেই ৰোড শ্বৰ সময়তে সৃষ্টি হৈছিল সংঘাতৰ। তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত পশ্চিমবংগত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে পূৰ্ব নিৰ্ধাৰিত সময়ৰ পূৰ্বেই অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে প্ৰাৰ্থীসকলক।

ইফালে, এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে। নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক অসংবিধানিক আখ্যা দিয়াৰ লগতে পশ্চিমবংগৰ জনতাক এয়া অপমান বুলি মন্তব্য কৰিছে মমতাই।

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ এদিনৰ পূৰ্বে এতিয়া সামৰিব লাগিব ৰাজনৈতিক দলসমূহে। কেৱল এয়াই নহয়। পশ্চিমবংগৰ চৰকাৰৰ ৰাজ্যখনৰ গৃহ বিভাগৰ প্ৰধান সচিব আৰু চি আই ডি অতিৰিক্ত সঞ্চালক প্ৰধানকো পদৰ পৰা বদলিৰ বাবে নিৰ্দেশ দিছে।

মমতা বেনাৰ্জীয়ে কয়- 'কাইলৈ মোডীৰ পশ্চিমবংগত দুখন সভা আছে, আৰু তেওঁৰ সভা শেষ হোৱাৰ লগে লগে এতিয়া নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব।' অমিত শ্বাহক শাস্তি দিয়াৰ সলনি আয়োগে তেওঁৰ দলক পুৰস্কাৰ দিলে বুলিও মন্তব্য কৰে।

ইফালে, বিজেপিয়ে নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক আদৰণি জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে টুইটাৰত কয়- পশ্চিমবংগত মুক্ত নিৰ্বাচনী প্ৰচাৰ সম্ভৱ হোৱা নাই। সেয়েহে আয়োগে নিৰ্বাচনী সূচী কৰ্তন কৰিছে।