/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/kanhaiya-kumar-1539701322.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন, ২০১৯ৰ ফলাফল ঘোষণাৰ এদিন পূৰ্বে প্ৰাক্তন ছাত্ৰ নেতা তথা বিহাৰৰ বেগুচৰাই সমষ্টিৰ চিপিআই প্ৰাৰ্থী কানহাইয়া কুমাৰে ফেচবুকত কৰা এটা পোষ্ট ভাইৰেল হৈ পৰিছে। পোষ্টটোত কানহাইয়া কুমাৰে লিখিছে- 'কাইলৈ ঘোষণা হ'বলগীয়া নিৰ্বাচনৰ ফলাফলত কোন জয় হয় বা কো পৰাজয় হয়, সেয়া আমি গুৰুত্ব দিব লাগিব। যাতে আগন্তুক সময়ত সমাজৰ পৰা ঘৃণা, হিংসাৰ অন্ত পৰে। যোৱা ৫ বছৰত মতানৈক্যক যিদৰে 'মনৰ বাতৰি' হিচাপে উপস্থাপন কৰা হৈছে, সিয়ে কেৱল গণতন্ত্ৰকে দুৰ্বল কৰা নাই, আমাৰ সমাজখনৰ ঘৃণাৰ জুইত দহনো কৰিছে। নেতাসকলৰ বাবে আমাৰ মাজতে সংঘাতৰ সৃষ্টি কৰাসকলে এতিয়া শীতল মস্তিস্কৰে ভৱাৰ সময় আহি পৰিছে যে আচলতে তাৰ দ্বাৰা আমাৰ কি লাভ হ'ল। অসহমতিক অপৰাধ বুলি ভৱাই কাৰ্যই গণতন্ত্ৰৰ কুঠাৰঘাত কৰাই নহয়, ইয়ে আমাৰ সম্পৰ্কবোৰতো বিহ ঢালিছে। গণতন্ত্ৰৰ অৰ্থ হৈছে অসন্মতিকো সন্মান জনোৱা আৰু এয়া নিৰ্বাচন কিম্বা ৰাজনীতিতকৈ বহু উৰ্ধ্বত।'
কানহাইয়া কুমাৰে তেওঁৰ ফেচবুক পোষ্টত লিখিছে- 'দেশৰ অৰ্থ কি? যিয়ে দেশত বাস কৰে, তেৱেই দেশ নিৰ্মাণ কৰে। তেওঁৰ হিত মানেই দেশৰ হিত। যদি দৰিদ্ৰ কৃষক, মজদুৰ, শিক্ষাৰ্থী, দলিত, আদিৱাসী, সংখ্যালঘু, মহিলা আদিৰ ক্ষতি হোৱা কোনো নীতি প্ৰৱৰ্তন হয়, তেন্তে ইয়ে সমগ্ৰ দেশৰে ক্ষতিসাধন কৰে। এনে নীতিৰ বিৰোধ কৰাই দেশপ্ৰেম। কিন্তু একাংশই নেতা প্ৰেমকে দেশপ্ৰেম বুলি গণ্য কৰি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, নেতা-পালিনেতাৰ বিৰোধক দেশদ্ৰোহী আখ্যা দি ৰাজপথত হিংসাৰ সূচনা কৰিছে। তেওঁলোকৰ পৰা সতৰ্ক হৈ থকা দৰকাৰ। তেওঁলোকে নিজৰ স্বাৰ্থত আপোনালোকৰ সম্পৰ্কত বিহ ঢালি আছে।'
চিপিআই প্ৰাৰ্থীগৰাকীয়ে পুনৰ লিখিছে- 'যিসকল বন্ধু, আত্মীয় তথা ওচৰ চুবুৰীয়াৰ সৈতে আপোনাৰ ৰাজনৈতিক কাৰণত সংঘাত হৈছিল আৰু আপোনাৰ সৈতে মাত বোল বন্ধ হৈ পৰিছিল, তেওঁলোকক আজিয়েই ফোন কৰক আৰু তেওঁলোকৰ খা-খবৰ লওক। তেওঁলোক কেনে আছে সেয়া জানক। তেওঁলোকক কওক যে এনেবোৰ কাৰণত আপোনালোকৰ সম্পৰ্ক ভাঙি যাব পৰাকৈ ইমান ঠুনুকা নহয়। মতবিৰোধক সন্মান জনাওক। কিয়নো এনে মতবিৰোধেই আমাৰ গণতন্ত্ৰৰ সৌন্দৰ্য। আমি ভাৰতীয় সকলে যদি সকলো ঘৃণা, হিংসাক অন্তৰৰ পৰা বাহিৰ কৰি দিব পাৰো, তেন্তে সমাজ আৰু ৰাজনীতিতো এনে ঘৃণাৰ সৃষ্টিকাৰী শক্তিসমূহে নিজে নিজে পৰাজয় বৰণ কৰিবলৈ বাধ্য হ'ব।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us