/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D34VsaSWAAACLqs.jpg)
ডিজিটেল ডেস্কঃ আজি সমগ্ৰ দেশৰ ২০ খন ৰাজ্যৰ ৯১ টা সমষ্টিত অনুষ্ঠিত হৈ যায় লোকসভা নিৰ্বাচন, ২০১৯ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছতে বৃহস্পতিবাৰে সন্ধিয়া নিৰ্বাচন আয়োগে এক সংবাদ মেল সম্বোধন কৰে।
সংবাদ মেলত আয়োগে সদৰি কৰা মতে, ১১ এপ্ৰিলৰ সন্ধিয়া ৬ বজা পৰ্যন্ত নিৰ্বাচন আয়োগে জব্দ কৰিছে মুঠ ২৬২৬ কোটি টকা মূল্যৰ নগদ ধনৰ লগতে অন্যান্য সা-সামগ্ৰী। ইয়াৰ ভিতৰকে ৬০৭ কোটি টকা নগদ ধন, ১৯৮ কোটি টকাৰ সুৰা ১০৯১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰীও আছে।
তদুপৰি ৪৮৬ টকাৰ ধাতৱীয় সামগ্ৰী আৰু ৪৮ কোটি টকাৰ অন্যান্য সামগ্ৰীও জব্দ কৰা হৈছে বুলি জানিবলৈ দিয়ে নিৰ্বাচন আয়োগে। আয়োগে সদৰি কৰা মতে, এই নগদ ধন আৰু সা-সামগ্ৰীসমূহ ভোট ক্ৰয়ৰ বাবে প্ৰাৰ্থীয়ে ব্যৱহাৰ কৰিবলৈ আনিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us