এক্সিট প’লৰ ফলাফলেই নিৰ্বাচনৰ ফলাফল নহয়, কংগ্ৰেছে ভাল ফলাফল দেখুৱাবঃ কেপ্টেইন অমৰিন্দৰ সিং

এক্সিট প’লৰ ফলাফলেই নিৰ্বাচনৰ ফলাফল নহয়, কংগ্ৰেছে ভাল ফলাফল দেখুৱাবঃ কেপ্টেইন অমৰিন্দৰ সিং

author-image
asomiyapratidin
New Update
এক্সিট প’লৰ ফলাফলেই নিৰ্বাচনৰ ফলাফল নহয়, কংগ্ৰেছে ভাল ফলাফল দেখুৱাবঃ কেপ্টেইন অমৰিন্দৰ সিং

ডিজিটেল ডেস্কঃ যোৱা ১১ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত অনুষ্ঠিত হোৱা ২০১৯ৰ লোকসভা নিৰ্বাচনৰ দেওবাৰে অন্ত পৰাৰ পিছতে কেইবাটাও সংস্থাই নিৰ্বাচনৰ এক্সিট প'লৰ ফলাফল ঘোষণা কৰিছে। সংস্থা সমূহে ঘোষণা কৰা এক্সিট প'লৰ ফলাফলত পুনৰ এবাৰ কেন্দ্ৰত মোডী চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা ব্যক্ত হ'লেও পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে সংস্থাসমূহৰ এই এক্সিট প'লৰ ফলাফল খাৰিজ কৰা পৰিলক্ষিত হয়।

দেওবাৰে সন্ধিয়া কেপ্টেইন অমৰিন্দৰ সিঙে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিভিন্ন সংস্থাই ঘোষণা কৰা এক্সিট প'লৰ ফলাফল খাৰিজ কৰি সেয়া সম্পূৰ্ণ শুদ্ধ নহয় বুলি মন্তব্য কৰে। তেওঁ কেন্দ্ৰৰ লগতে ৰাজ্যতো কংগ্ৰেছে এইবাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি দাবী কৰে।

উল্লেখ্য যে, বিভিন্ন এক্সিট প'লৰ ফলাফলত পঞ্জাৱত এইবাৰ কংগ্ৰেছে মুঠ ১৩ খন আসনৰ ৯-১০ খন আসন লাভ কৰিব বুলি দাবী কৰা হৈছে। সেই সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কয়, 'মই পঞ্জাৱৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছো। কংগ্ৰেছৰ প্ৰতি থকা জনতাৰ আস্থা মই প্ৰত্যক্ষ কৰিছো। তেনে ক্ষেত্ৰত এনে এক্সিট প'লৰ ফলাফল মই মানি ল'বলৈ টান পাইছো। মই দাবী কৰিব পাৰো যে কেৱল পঞ্জাৱতে নহয়, অইন অইন ৰাজ্যসমূহতো কংগ্ৰেছে ভাল ফলাফল দেখুৱাব।'