ৰুৰবান আঁচনিৰ অধীনত ছাগলী বিতৰণঃ পশুখাদ্য নিদিয়াত অসন্তুষ্টি...

ৰুৰবান আঁচনিৰ অধীনত ছাগলী বিতৰণঃ পশুখাদ্য নিদিয়াত অসন্তুষ্টি...

author-image
Asomiya Pratidin
New Update
ৰুৰবান আঁচনিৰ অধীনত ছাগলী বিতৰণঃ পশুখাদ্য নিদিয়াত অসন্তুষ্টি...

ৰুৰবান আঁচনিৰ অধীনত ছাগলী বিতৰণঃ পশুখাদ্য নিদিয়াত অসন্তুষ্টি...

ডিজিটেল সংবাদ বান্দৰদেৱাঃ লখিমপুৰ জিলাৰ পথালি পাহাৰ পঞ্চায়তত আজি ৰুৰবান নামৰ এটা প্ৰকল্পৰ অধীনত হিতাধিকাৰীৰ মাজত ছাগলী বিতৰণ কৰা হয়।মুঠ ৪৬ জন হিতাধিকাৰীয়ে এই প্ৰকল্পৰ অধীনত লাভ কৰে চাৰিটাকৈ ছাগলী।

Advertisment

ইয়াৰে এটা মতা আৰু তিনিজনী মাইকী ছাগলী। হিতাধিকাৰীক প্ৰদান কৰা ছাগলীসমূহক পঞ্চায়ত চৌহদতে স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।কিন্তু আঁচনি অনুসৰি হিতাধিকাৰীয়ে ৮০ কেজিকৈ ছাগলীৰ বাবে পশু খাদ্য লাভ কৰিব লাগে যদিও আজি খাদ্য প্ৰদান নকৰাত হিতাধিকাৰীয়ে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে।

এই বিষয়ত ৰাইজে বিভাগীয় দৃষ্টি আকৰ্ষণ দাবী জনাইছে। উল্লেখযোগ্য যে, এই আঁচনিৰ অধীনত পথালি পাহাৰ বৰবালি আৰু বিহপুৰীয়া পঞ্চায়তৰ হিতাধিকাৰীয়ে ছাগলী লাভ কৰিব।

ইফালৈ ক্ৰছ বিটেল প্ৰজাতিৰ মতা ছাগলী যদিও প্ৰদান কৰিব তাৰ বিপৰীতে অন্য মতা ছাগলীহে আজি বিতৰন কৰা বুলি জানিব পৰা গৈছে।

ক্লিক কৰি পঢ়কঃ ৰাজধানীত সুৰক্ষিত নহয় মহিলা, কিশোৰীঃ এচিড আক্ৰমণৰ সন্মুখীন হ'ল ১৭ বছৰীয়া কিশোৰী...

ৰুৰবান আঁচনি