‘সাধ্বী প্ৰজ্ঞাই যদি মাছুদ আজহাৰকো অভিশাপ দিলেহেঁতেনে, তেন্তে ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰয়োজনেই নহ’লহেঁতেন’

‘সাধ্বী প্ৰজ্ঞাই যদি মাছুদ আজহাৰকো অভিশাপ দিলেহেঁতেনে, তেন্তে ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰয়োজনেই নহ’লহেঁতেন’

author-image
asomiyapratidin
New Update
‘সাধ্বী প্ৰজ্ঞাই যদি মাছুদ আজহাৰকো অভিশাপ দিলেহেঁতেনে, তেন্তে ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰয়োজনেই নহ’লহেঁতেন’

ডিজিটেল ডেস্কঃ ভূপাল লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিগ্বিজয় সিঙে তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰক কটাক্ষ কৰি কয় যে যদি প্ৰজ্ঞা সিং ঠাকুৰে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰক অভিশাপ দিলেহেঁতেন তেন্তে ছাৰ্জিকেল ষ্ট্ৰাইকৰ কোনো প্ৰয়োজনেই নহ'লহেঁতেন।

উত্তৰ প্ৰদেশৰ অশোকা গাৰ্ডেনত এক ৰেলী সম্বোধন কৰি কংগ্ৰেছৰ চাণক্য খ্যাত দিগ্বিজয় সিঙে কয়, 'প্ৰজ্ঞা সিং ঠাকুৰে কয় যে তেওঁ হেনো এটিএছ অধ্যক্ষ শ্বহীদ কৰকৰেক অভিশাপ দিছিল। যাৰ বাবে মুম্বাইৰ বোমা বিস্ফোৰণত তেওঁৰ মৃত্যু ঘটিছিল। দেশৰ বাবে সৰ্ব্বোচ্ছ বলিদান দিয়া এগৰাকী শ্বহীদৰ যদি সাধ্বী প্ৰজ্ঞাৰ অভিশাপৰ ফলতে মৃত্যু ঘটিছে, তেন্তে তেওঁচোন জৈছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰকো অভিপাশ দিব পাৰিলেহেঁতেন। তেনে কৰা হ'লে, আজি ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰয়োজনেই নহ'লহেঁতেন।'

আনফালে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো আক্ৰমণ কৰি জনসভাত কয়, 'প্ৰধানমন্ত্ৰীয়ে কৈছিল যে তেওঁ পাতালত লুকাই থকা সন্ত্ৰাসবাদীকো বিচাৰি বিচাৰি হত্যা কৰিছে। পিছে মই সুধিব বিচাৰিছো, পুলাৱামা, পাঠানকোট আৰু উৰিত যেতিয়া আক্ৰমণ হৈছিল, তেতিয়া তেওঁ ক'ত গৈছিল? সেই আক্ৰমণৰ পৰা আমি নিষ্ঠাৰ পাবলৈ কিয় সক্ষম নহ'লো?'

তেওঁ পুনৰ কয়, 'আমি হিন্দু-মুছলিম-শিখ সকলো ভাই ভাই। কিন্তু এওঁলোকে কয় যে হিন্দুসকল এতিয়া একত্ৰিত হোৱা উচিত, কিয়নো হিন্দু সকল এতিয়া বিপদত। কিন্তু এটা কথা মই জনাব বিচাৰো, এইখন ভাৰতবৰ্ষত ৫০০ বছৰ পৰ্যন্ত মুছলমানে ৰাজত্ব কৰিছিল। তেতিয়াও হিন্দু ধৰ্ম জীয়াই আছিল। কোনো ধৰ্মৰ অনিষ্ট কৰা নাছিল তেওঁলোকে। কিন্তু এতিয়া কিয় হিন্দু সকল বিপদত বুলি বাৰে বাৰে কোৱা হৈছে? ধৰ্মক বিক্ৰী কৰা এনে লোকৰ পৰা সাৱধান হোৱা উচিত।'

কংগ্ৰেছ নেতাগৰাকীয়ে কয়, 'আমি যেতিয়া হৰ হৰ মহাদেৱ বুলি কও, তেতিয়া তেওঁলোকে হৰ হৰ মোডী ধ্বনি দিয়ে। অৰ্থাৎ তেওঁলোকে প্ৰকৃত হিন্দু দেৱ দেৱীৰ ঠাইত নৰেন্দ্ৰ মোডীকে ভগৱান বুলি গণ্য কৰিব লৈছে। সকলোৱে জানে যে গুগলত 'ফেকু' বুলি টাইপ কৰিলে কাৰ ফটো আহে। এনে স্থলত এওঁলোকেই উন্নয়নৰ কথা কয়, দেশ আৰু ধৰ্ম ৰক্ষাৰ কথা কয়।'