আজি গান্ধীৰ হত্যাকাৰীৰ আদৰ্শই দেশত জয়লাভ কৰেঃ প্ৰজ্ঞা সিং ঠাকুৰক কটাক্ষ পৰাজিত দিগ্বিজয় সিঙৰ

আজি গান্ধীৰ হত্যাকাৰীৰ আদৰ্শই দেশত জয়লাভ কৰেঃ প্ৰজ্ঞা সিং ঠাকুৰক কটাক্ষ পৰাজিত দিগ্বিজয় সিঙৰ

author-image
asomiyapratidin
New Update
আজি গান্ধীৰ হত্যাকাৰীৰ আদৰ্শই দেশত জয়লাভ কৰেঃ প্ৰজ্ঞা সিং ঠাকুৰক কটাক্ষ পৰাজিত দিগ্বিজয় সিঙৰ

  • 'আজি দেশত গান্ধীৰ হত্যাকাৰীৰ আদৰ্শই জয়লাভ কৰে।'
  • -এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ।
  • ভূপাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল দিগ্বিজয় সিঙ।
  • সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিৰ প্ৰাৰ্থী প্ৰজ্ঞা সিঙৰ হাতত পৰাস্ত হয় দিগ্বিজয় সিং।
  • শুকুৰবাৰে এক সংবাদ মেল সম্বোধন কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে।
  • 'দেশত এতিয়া গান্ধীৰ আদৰ্শৰ কোনো মূল্য নাই।'
  • 'দেশ এতিয়া গান্ধীৰ হত্যাকাৰীৰ আদৰ্শৰে চলে।'
  • 'সেইবাৰে মই পৰাজিত হৈছো।'
  • 'এই পৰাজয়ক লৈ মোৰ কোনো খেদ নাই।'
  • 'মই মোৰ পৰাজয় মানি লৈছো।'
  • -এইদৰে মন্তব্য কৰে দিগ্বিজয় সিঙে।
  • উল্লেখ্য যে, লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে বিজেপি প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰে গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক দেশভক্ত আখ্যা দিছিল।
  • প্ৰজ্ঞা সিং ঠাকুৰ মালেগাঁও বিস্ফোৰণ কাণ্ডৰ মূল অভিযুক্ত।