/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/384586d7-adbc-46d0-a2a7-9b53c1f6f3a0.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা প্ৰচাৰ তুংগত তুলিলে অগপ-বিজেপি-বিপিএফ মিত্ৰজোঁটে। দেওবাৰে অন্তিম দিনা দুখনকৈ হেলিকপ্টাৰ লৈ ধুবুৰীৰ গৌৰীপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত, ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি মিত্ৰ দলৰ কেইবাজানো নেতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/f67dea27-4e5f-491d-b01b-068a594fd30f.jpg)
উল্লেখযোগ্য যে, গৌৰীপুৰ মহামায়া খেল পথাৰত আয়োজিত এখন নিৰ্বাচনী জনসভাত প্ৰথমতে হেলিকপ্টাৰ লৈ উপস্থিত হৈ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আজমলক আক্ৰমণৰ লক্ষ্য কৰি লয়। আজমলক সমালোচনা কৰি আজমলৰ বাবেই অসম তথা ধুবুৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ বহু উন্নয়ন মূলক আঁচনিৰ পৰা বঞ্চিত হৈছে বুলি ভাষণত উল্লেখ কৰে। লগতে ৰূপচী বিমান বন্দৰ, ধুবুৰী ফুলবাৰী দলং আজমলৰ প্ৰচেষ্টাৰ ফলতেই হৈছে বুলি আজমলে দাবী কৰাৰ পিছত আজমলক প্ৰত্যুত্তৰ দি সাংসদ দৈমাৰীয়ে কয় 'ৰূপচী বিমান বন্দৰ আৰু ধুবুৰী ফুলবাৰী দলঙৰ সম্পূৰ্ণ কৃতিত্ব আছে নৰেন্দ্ৰ মোডী চৰকাৰ আৰু সোণোৱাল চৰকাৰৰ। আনহাতে আজমলৰ বাবেই ধুবুৰী পিছুৱাই আছে বুলি উল্লেখ কৰে দৈমাৰীয়ে।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/fa23adf4-13d9-4864-b2a0-d5ec21c1fce1.jpg)
আনহাতে ক্ষন্তেক পিছতেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আন এখন হেলিকপ্টাৰ লৈ উপস্থিত হয় গৌৰীপুৰৰ সভাস্থলীত। ৰঞ্জিত দাসে নিজৰ ভাষণত নিজকে এজন ৰাজনৈতিক বিশ্লেষক আখ্যা দি সদ্য সমাপ্ত সমষ্টি কেইটাৰ ভিতৰত ন খন আসন লাভ কৰিব বুলি দাবী কৰাৰ লগতে অসমৰ চৈধ্য খন আসনৰ ভিতৰত বিজেপি আৰু মিত্ৰ দলে তেৰ খন আসন পাব বুলি দাবী কৰে। লগতে ধুবুৰী সমষ্টিৰ কথা উল্লেখ কৰি বিজেপিৰ তিনি লাখ ভোটাৰ আছে বুলি কৈ সংখ্যালঘু ভোটাৰৰ পৰা পঞ্চাশ হাজাৰ ভোট লাভ কৰিলেই জাবেদ ইছলামৰ জয় নিশ্চিত বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/384586d7-adbc-46d0-a2a7-9b53c1f6f3a0.jpg)
ইপিনে সমষ্টিটোত কংগ্ৰেছ ফেক্টৰ হোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰৰ সৈতে মূল প্ৰতিদ্বন্দ্বিতা হব বুলি উল্লেখ কৰে ৰঞ্জিত দাসে। ইপিনে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই নিজৰ ভাষণত আজমলক সমালোচনা কৰাৰ বিপৰীতে অসম চৰকাৰৰ কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰি ভোটাৰ সকলক একপ্ৰকাৰ নিৰ্বাচনী টোপ দিয়া পৰিলক্ষিত হয়। আজিৰ সভাত বিধায়ক অশ্বিনী ৰায় সৰকাৰ, প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী উপস্থিত থাকি ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/5d8b18f7-f7ec-4b70-a6a1-93404932f41d.jpg)
উল্লেখযোগ্য যে, নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা একপ্ৰকাৰ হেলিকপ্টাৰ চমকেৰে মিত্ৰজোঁটে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলালে যদিওঁ হেলিকপ্টাৰ চমকেৰে যেন সভাস্থলীত মানুহ গোটাব নোৱাৰিলে মিত্ৰ দলে। কাৰণ ৰাইজৰ উপস্থিতি তেনেই কম দেখা পৰিলক্ষিত হয়। যদিওঁ ধুবুৰীত অগপ বিজেপি বিপিএফৰ অন্তিমটো নিৰ্বাচনী প্ৰচাৰ সভাত দেখা গল আকৌ এবাৰ মোডী চৰকাৰৰ গীতৰ তালে তালে বিজেপি আৰু মিত্ৰ দলৰ নেতা কৰ্মীয়ে নৃত্যত মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। ইপিনে এই সভাৰ অন্তত ধুবুৰী চহৰত অগপ বিজেপিৰ কৰ্ম কৰ্তা সকলে এক ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰৰ সমাপ্তি ঘটায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us