পত্নী-পুত্ৰক লৈ কিমান আশাবাদী ধৰ্মেন্দ্ৰ…

পত্নী-পুত্ৰক লৈ কিমান আশাবাদী ধৰ্মেন্দ্ৰ…

author-image
asomiyapratidin
New Update
পত্নী-পুত্ৰক লৈ কিমান আশাবাদী ধৰ্মেন্দ্ৰ…

ডিজিটেল ডেস্কঃ পত্নী আৰু পুত্ৰৰ ৰাজনৈতিক জীৱনক লৈ আশাবাদী অভিনেতা পিতৃ ধৰ্মেন্দ্ৰ। পত্নী হেমামালিনী আৰু পুত্ৰ চানী দেউলৰ হৈ অতি তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে ধৰ্মেন্দ্ৰই। প্ৰাক্তন সাংসদ গৰাকীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত নিজে প্ৰতিদ্বন্দ্বিতা নকৰিলেও বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা পত্নী আৰু পুত্ৰই নিৰ্বাচনত জয়লাভ কৰিব বুলি দাবী কৰিছে ধৰ্মেন্দ্ৰই।

উল্লেখ্য যে, বিজেপিৰ হৈ এইবাৰ মথুৰা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অভিনেত্ৰী হেমা মালিনীয়ে। আনফালে কিছুদিন পূৰ্বে বিজেপিত যোগ দিয়া অভিনেতা চানী দেউলেও এইবাৰ পঞ্জাৱৰ গুৰদাসপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

২০১২ চনত ৰাজস্থানৰ বিকানেৰ সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ধৰ্মেন্দ্ৰই সোমবাৰে পত্নী আৰু পুত্ৰৰ ৰাজনৈতিক জীৱনৰ প্ৰতি আশা প্ৰকাশ কৰি কয়, 'আমি ৰাজনীতিৰ ক খ গ নাজানো। কিন্তু দেশভক্তি আমাৰ তেজত আছে। আমি ৰাষ্ট্ৰৰ বাবে সেৱা আগবঢ়াম। মই সাংসদ হৈ থকা সময়ত বিকানেৰ সমষ্টিৰ বাবে কি কি উন্নয়নমূলক কাম কৰিছো, সেয়া আপোনালোকে গৈ চাই আহিব পাৰে। হেমামালিনী আৰু চানীয়েও এই দেশপ্ৰেমেৰে দেশৰ প্ৰতি সেৱা আগবঢ়াব বুলি মোৰ বিশ্বাস।'


— ANI (@ANI) April 29, 2019