/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/helicopter-621x414.jpg)
ডিজিটেল ডেস্কঃ ৰাজনীতিত ভেদ ভাৱ নতুন বিষয় নহয়। কিন্তু নিৰ্বাচন আয়োগে প্ৰদৰ্শন কৰা ভেদ ভাৱে গুৰুত্ব লাভ কৰাতো নিতান্তই প্ৰয়োজন। গণতন্ত্ৰক অক্ষুণ্ণ ৰখাত মুখ্য ভূমিকা পালন কৰা নিৰ্বাচন আয়োগে এফালে যিদৰে এক স্বচ্ছ আৰু নিকা ৰাজনীতিৰ দোহাই দি বিৰোধীৰ আৱাসগৃহ, ব্যৱহৃত সামগ্ৰী, আনকি বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰা হেলিকপ্টাৰৰ তন্ন তন্ন তালাচী চলাইছে, আনফালে ক'ৰবাত যেন নৰম স্থিতি গ্ৰহণ কৰিছে শাসকীয় দলটোৰ বিৰুদ্ধে। কিয়নো খোদ প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰত তালাচী চলাবলৈ যোৱা এজন আইএএছ বিষয়াক অৱশেষত নিলম্বন কৰিলে নিৰ্বাচন আয়োগে।
বৃহস্পতিবাৰে পুনৰ এক তেনেই ঘটনাই সংঘটিত হ'ল। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ হেলিকপ্টাৰৰ তালাচী চলাবলৈ যোৱা ফ্লায়িং স্কোৱাডৰ এটা দলৰ লগত তৰ্কত লিপ্ত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। তেওঁ ব্যৱহাৰ কৰা হেলিকপ্টাৰখনৰ তালাচী চলাবলৈ অনুমতি দিয়াৰ বিপৰীতে ফ্লায়িং স্কোৱাডৰ পৰা তালাচী পত্ৰ বিচাৰি হাৰাশাস্তি কৰাহে পৰিলক্ষিত হ'ল। এই সমগ্ৰ দৃশ্য এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
Please watch the arrogance of BJP leader and Union Minister Dharmendra Pradhan. The way he threatens and rebukes Officers on Election Commission work and stops them from checking his sealed suitcase which is rumored to be carrying…..? pic.twitter.com/xnXb5v2CL6
— ଡ଼ଃ ସସ୍ମିତ ପାତ୍ର I Dr. Sasmit Patra (@sasmitpatra) April 17, 2019
ঘটনা অনুসৰি বৃহস্পতিবাৰে ওড়িশাৰ চম্বলপুৰত এক জনসভাৰ বাবে উপস্থিত হৈছিল কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। তেওঁৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ পিছতে ফ্লায়িং স্কোৱাডৰ এটা দলে অতি সৌজন্যপূৰ্ণ ভাৱে তেওঁৰ হেলিকপ্টাৰখনৰ তালাচী ল'ব বিচাৰে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াতেই জাঙুৰ খাই উঠি ফ্লায়িং স্কোৱাডৰ দলটোৰ সৈতে তৰ্কত লিপ্ত হয়। বিজেপিৰ এক সূত্ৰই সদৰি কৰা মতে, অৱশেষত ফ্লায়িং স্কোৱাডৰ দলটোৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰৰ তালাচী নকৰাকৈয়ে উভতি যায়।
ইফালে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ এই ভিডিঅ'ৰ লগতে বিজু জনতা দলৰ অধ্যক্ষ তথা ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ এটা ভিডিঅ' সংলগ্ন কৰা হৈছে। ভিডিঅ'টোত নবীন পাটনায়কে ৰাউলকোটত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'বলৈ যোৱাৰ সময়ত তেওঁৰ হেলিকপ্টাৰত ফ্লায়িং স্কোৱাডে তালাচী চলোৱা দেখা যায়। ওড়িশাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফ্লায়িং স্কোৱাডৰ সেই তালাচীত সহযোগ আগবঢ়াই শান্তিপূৰ্ণ ভাৱে তেওঁলোকৰ তালাচী সম্পূৰ্ণ হোৱালৈকে অপেক্ষা কৰে।
উল্লেখ্য যে, বৃহস্পতিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ হেলিকপ্টাৰতো তালাচী চলায় ফ্লায়িং স্কোৱাডে। তেঁৱো সেই অভিযানত সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। কিন্তু চম্বলপুৰৰ এক জনসভাত অংশ ল'বলৈ যোৱাৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হেলিকপ্টাৰত তালাচী চলাবলৈ যোৱা সাধাৰণ নীৰিক্ষক মোহম্মদ মোহচিনক নিৰ্বাচন আয়োগে তৎকালীন ভাৱে নিলম্বন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us